Horoscope: দিনটোৰ ৰাশিফল

horoscope

Horoscope: দিনটোৰ ৰাশিফল

মেষ: মঙলৰ শুভ প্রভাৱত ধন আৰু সম্পত্তি লাভৰ যোগ দেখা যায়। দিনটোত কিবা কাৰণতে মানসিক দুখ পাব পাৰে। প্ৰেম প্ৰণয়ত সাফল্য আহিব। দিনটোত শাৰিৰীক দুৰ্বলতা দেখা দিব পাৰে। আর্থিক ক্ষেত্ৰত মধ্য ফলদায়ক হ’ব।

বৃষ: পাৰিবাৰিক সুখ আৰু সমৃদ্ধি বজাই থাকিব। কিবা কাৰণতে অৰ্থক্ষতিৰ সম্ভাৱনা দেখা যায়। সম্পদ প্রাপ্তিৰ যোগ আছে। পুত্র-কন্যাৰ উন্নতিৰ যোগ। শাৰিৰীক কষ্ট ভোগ কৰিব পাৰে। বিদ্যার্থীৰ মধ্যম ফলদায়ক।

মিথুন: বুধৰ শুভ প্রভাবত কর্মত সুখ্যাতি লাভৰ যোগ। হিংস্র জীৱ-জন্তুৰ পৰা সতর্কতা অৱলম্বন কৰিব। সামাজিক ক্ষেত্ৰত সম্মান বৃদ্ধিৰ যোগ। অযথা অর্থ ব্যয় হ’ব পাৰে। ব্যৱসায়ত মধ্যম ফল আশা কৰিব পাৰে।

কর্কট: পিতৃ-মাতৃৰ কাৰণে চিন্তা থাকিব। কোনোবাই মিছা অপবাদ উঠাব পাৰে। যান-বাহন লাভৰ যোগ দেখা যায়। দিনটোত কিবা কাৰণতে হতাশাত ভুগিব পাৰে। শুভ সংবাদ প্ৰাপ্তিৰ ফলত মন আনন্দিত হ’ব।

সিংহ: অশুভ ৰাহুৰ কাৰণে নীয্য ধন প্ৰাপ্তিৰ ক্ষেত্ৰত বাধা থাকিব। চুৰৰ পৰা সতর্ক থাকিব। ভ্রাতৃৰ কাৰণে ক্ষতিগ্রস্ত হ’ব পাৰে। আৰ্থিক ক্ষেত্ৰত উন্নতিৰ যোগ আছে যদিও ৰাহুৰ বাধা থাকিব।

কন্যা: বুধৰ প্ৰভাৱত ব্যৱসা-বাণিজ্য আৰু আর্থিক ক্ষেত্ৰত কিছু হ’লেও পৰিৱৰ্তন আহিব। ঘৰত প্ৰিয়জনৰ আগমনৰ ফলত মানসিক আনন্দ লাভ। কৰ্মক্ষেত্ৰত পদোন্নতিৰ যোগ। চাকৰিয়াল সকলে কৰ্তব্য পালনৰ ক্ষেত্ৰত সতর্ক থাকিব।

তুলা: সন্তানাদিৰ কাৰণে পিতৃ-মাতৃৰ চিন্তা থাকিব। দিনটো বিশেষ শুভ বুলি ‘ক’ব নোৱাৰি, গতিকে সাৱধানে চলাফুলা কৰিব। পাৰিবাৰিক ক্ষেত্ৰত শুভ ফলদায়ক হ’ব। উচ্চ বিদ্যা লাভৰ উদ্দেশ্যত বাহিৰলৈ যোৱাৰ যোগ।

বৃশ্চিক: অযথা কোনোবাৰ লগত বিবাদত জঢ়াৰ পাৰে। অশুভ শনিৰ প্ৰভাৱত বিদ্যার্থীৰ বৃদ্ধি নাশৰ যোগ। কৰ্মক্ষেত্ৰত পদ প্রাপ্তিৰ যোগ আছে যদিও অপ্রত্যাশিতভাৱে বাধা কৰিব পাৰে। আর্থিক ক্ষেত্ৰত মধ্যম।

ধনু: বুধৰ শুভ প্ৰভাৱত কৰ্মক্ষেত্ৰত পদোন্নতিৰ যোগ। পাৰিবাৰিক ক্ষেত্রত খেলিমেলি হ’ব পাৰে। মনৰ কোনো আশা পূৰণ হ’ব পাৰে। বন্ধুৰ লগত মতবিৰোধ দেখা দিব পাৰে। শৰীৰৰ প্ৰতি লক্ষ্য ৰাখিব।

মকৰ : শনিৰ অশুভ প্ৰভাৱৰ ফলত আর্থিক সংকটত পৰিব পাৰে। পেট সংক্রান্ত কিবা সমস্যা দেখা দিব পাৰে। বিদ্যার্থীৰ শুভ ফলদায়ক হ’ব।

কুম্ভ: পাৰিবাৰিক ক্ষেত্রত শুভ ফলদায়ক হ’ব। ভ্রমণত সমস্যা দেখা দিব পাৰে। গৃহ নিৰ্মাণৰ পৰিকল্পনা কৰিব পাৰে। আর্থিক সংকটত ভুগিব পাৰে। ব্যৱসায়-বাণিজ্যত ভবা মতে ফল নাপাব। বিদ্যার্থীৰ মধ্যম ফলদায়ক।

মীন: কর্মক্ষেত্রত সম্মান বৃদ্ধিৰ যোগ। পাৰিবাৰিক বিবাদৰ ফলত মনৰ গতি ভালেৰে নাযাব। ভ্ৰমণত শাৰীৰিক সমস্যা দেখা দিব পাৰে। আয় উন্নতিৰ বাবে দিনটো মধ্যম ফলদায়ক হ’ব। প্ৰেম-প্ৰীতিৰ ক্ষেত্ৰত সমস্যা থাকিব।

Exit mobile version