Young Girl was Sexually Assaulted :মহানগৰীৰ ল’জত চাঞ্চল্যকৰ ঘটনা

এগৰাকী যুৱতীক নিচাযুক্ত দ্ৰব্য সেৱন কৰাই শ্লীলতাহানি, অভিযুক্ত যুৱকজন মেঘালয়ৰ পৰভেজ আনছাৰী

women

Young Girl was Sexually Assaulted :

মহানগৰীৰ মাজমজিয়াৰ এখন ল’জত ভয়ংকৰ ঘটনা। এগৰাকী যুৱতীক এজন যুৱকে নিচাযুক্ত দ্রব্য সেৱন কৰোৱাই শ্লীলতাহানিৰ গুৰুত্বৰ অভিযোগ উদ্থাপিত হৈছে ৷

উল্লেখ্য যে,চুবুৰীয়া মেঘালয়ৰ বন্ধুৰূপী লম্পট পৰভেজ আনছাৰী নামৰ যুৱকজনে চিনাকী সূত্ৰে গুৱাহাটীৰ এগৰাকী যুৱতীক দিছপুৰস্থ ৰাজধানী ল’জত তেওঁৰ বাৰ্থ দে পাৰ্টিত অংশ গ্ৰহণৰ বাবে নিমন্ত্ৰণ কৰিছিল ৷

সেই অনুসৰি যথাসময়ত যুৱতী গৰাকী ল’জত উপস্থিত হোৱাৰ পাছতে অতি কৌশলৰে ধুৰন্ধৰ যুৱকজনে তেওঁক খাব দিয়া খাদ্যত অতি গোপনে নিচাযুক্ত দ্রব্য মিহলি কৰি খাব দিয়ে ৷

যাৰবাবে কিছু সময়ৰ পাছতে যুৱতী গৰাকী অচেতন হৈ পৰে ৷ এই অচেতনতাৰ সূযোগ গ্ৰহণ কৰি লম্পট যুৱকজনে শ্লীলতাহানি কৰাৰ অভিযোগ কৰিছে স্বয়ং ভূক্তভোগী যুৱতী গৰাকীয়ে ।

তেওঁ কৰা অভিযোগ অনুসৰি,যুৱতীগৰাকীক ওৰেটো নিশা ল’জত আবদ্ধ কৰি ৰখাৰো অভিযোগ। ইতিমধ্যে ভূক্তভোগী যুৱতী গৰাকীয়ে বন্ধুৰূপী মেঘালয়ৰ লম্পট পৰভেজ আনছাৰীৰ বিৰুদ্ধে ৰজু কৰিছে গোচৰ ৷ আনহাতে সম্প্ৰতি পলাতক অৱস্থাত আছে পৰভেজ আনছাৰী ৷

Exit mobile version