Veerappan’s Daughter is Contesting the Lok Sabha:বীৰাপ্পনৰ কন্যাই লোকসভাত কৰিছে প্রতিদ্বন্দ্বিতা

birparan

Veerappan’s Daughter is Contesting the Lok Sabha:

চন্দন কাঠৰ কুখ্যাত চোৰাং ব্যৱসায়ী তথা ডকাইত বীৰাপ্পনৰ কন্যা বিদ্যা ৰাণীয়ে লোকসভাৰ আসন্ন নির্বাচনত প্রার্থী হিচাপে থিয় দিছে।

তামিলনাডুত অহা ১৯ এপ্রিলত অনুষ্ঠিত হ’ব লগা লোকসভাৰ নিৰ্বাচনত ৰাণীয়ে নাম তমিজাৰ কাছিৰ তামিল জাতীয়তাবাদী পার্টিৰ টিকটত কৃষ্ণাগিৰি সমষ্টিত প্রতিদ্বন্দ্বিতা কৰিছে।

উল্লেখ্য যে পেছাত অধিবক্তা ৰাণীয়ে ২০২০ৰ জুলাইত বিজেপিত যোগদান কৰিছিল। তামিলনাডুত বিজেপিৰ যুৱ শাখাৰ উপাধ্যক্ষ পদতো তেওঁ কার্যনির্বাহ কৰিছিল। কিন্তু অলপতে বিজেপি ত্যাগ কৰি ৰাণীয়ে অভিনেতা-পৰিচালক সীমানৰ নেতৃত্বত গঠিত এনটিকে দলত যোগদান কৰিছিল।

এই দলৰে এগৰাকী প্রার্থী হিচাপে লোকসভাৰ আসন্ন নির্বাচনত কৃষ্ণাগিৰিত প্রতিদ্বন্দ্বিতা কৰিছে বীৰাপ্পন কন্যাই। এনটিকে দলে নির্বাচনত ৪০ প্রার্থীক প্রক্ষেপ কৰিছে আৰু ইয়াৰে অর্ধেকাংশই হৈছে মহিলা প্রার্থী।

পেছাত অধিবক্তা ৰাণীৰ কৃষ্ণাগিৰিত এখন নিজা বিদ্যালয়ো আছে। জীৱন কালত অৱশ্যে ৰাণীয়ে মাত্র এবাৰহে তেওঁৰ পিতৃ বীৰাপ্পনৰ সাক্ষাৎ লাভ কৰিছিল।

Exit mobile version