Murder Case In Chapar:
পাৰিবাৰিক কন্দলৰ বাবেই স্বামীয়ে ঘপিয়াই নৃশংসভাৱে হত্যা কৰিলে নিজ পত্নীক ৷ এই লোমহৰ্ষক ঘটনা সংঘটিত হয় ধুবুৰী জিলাৰ চাপৰ থানাৰ অন্তৰ্গত তথা ৰঙামাটিৰ যুগলীকান্দাত ৷
ADVERTISEMENT
মঙলবাৰে সন্ধিয়া ছোছলাপাৰা দ্বিতীয় খণ্ডৰ যুগলীকান্দাৰ ছাইদুল ৰহমানে পত্নী নাছমিনা খাতুনৰ স’তে কিবা বিষয়ক লৈ দুয়োৰে মাজত প্ৰথমে কথাৰ কটাকটি হৈ পিছত হিতাহিত জ্ঞান হেৰুৱাই দাৰে পত্নীক ঘপিয়াই নৃশংসভাৱে হত্যা কৰে ৷
বৰ্বৰ কাণ্ড সংঘটিত কৰিয়েই পলায়ন কৰে ছাইদুল ৰহমানে। উল্লেখ্য যে,ছাইদুল ৰহমান আৰু নাছমিনা খাতুনৰ আছে এটা পাঁচবছৰীয়া পুত্ৰ সন্তান ।
আনহাতে এই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ পিছত স্থানীয়লোক ঘটনাস্থলীত উপস্থিত হয়৷ ইতিমধ্যে ৰাইজে আৰক্ষীক খৱৰ দিয়াত আৰক্ষী আৰু দণ্ডাধীশ ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ৷