Horoscope: দিনটোৰ ৰাশিফল

horoscope

Horoscope: দিনটোৰ ৰাশিফল

মেষ: হাতলৈ টকা-পইচা আহিব যদিও খৰচ বাঢ়িব। বিয়াৰ প্ৰস্তাৱ পাব পাৰে। ব্যৱসায়ীৰ হাতলৈ ধন আহিব। ঘৰুৱা উন্নতিত বাধা কম। সৰুসুৰা বিৰোধী কথাত বেছি মন নিদিলে কর্মক্ষেত্রতো শুভ লাভ।

বৃষ: আর্থিক উন্নতিৰ চেষ্টাত বাধা কম। ঘৰুৱা দিশত অৱশ্যে দুশ্চিন্তা। মনৰো শান্তি থাকিব। বিদ্যার্থীৰ একাগ্রতা বৃদ্ধিৰ যোগ। ৰাজনীতিক আৰু সমাজকৰ্মীৰ উৎসাহ বৃদ্ধি হ’ব।

মিথুন: ঘৰলৈ বিশেষ ব্যক্তিৰ আগমনে আপোনাক উপকৃত কৰিব। হাতলৈ টকা-পইচা আহিব। কর্তব্যত আপোনাৰ যোগ্যতা থাকিব। কোনোৱে বাস্তৱ ক্ষেত্রত খোজ পেলাই উপকৃত হ’ব।

কর্কট: আজি শুভ কাম আৰম্ভ কৰিব পাৰে। শিক্ষাৰ্থীৰ মনৰ উৎকণ্ঠা বাঢ়িব পাৰে। প্রেমতো অশান্তিকৰ প্ৰভাৱ থাকিব। সাহিত্য, সংস্কৃতি, ক্রীড়াৰ স’তে জড়িতসকলৰ উন্নতি কাৰক।

সিংহ: চোৰ-ডকাইতৰ পৰা সাৱধান হ’ব। বিবাহৰ প্ৰস্তাৱ পাব পাৰে। বেল গছৰ গুড়িত ধূপ চাকি জ্বলাব। প্রেম-প্রীতি আৰু সাংসাৰিকত শুভ কাৰক।

কন্যা: চাকৰিয়ালৰ পদোন্নতি হোৱাৰ আশা আছে। নতুন ব্যৱসায়ৰ সন্ধান পাব পাৰে। মানসিক ক্ষেত্রত অলপ অশান্তি হ’ব। শিক্ষাৰ্থীৰ শুভ দিন। বাণিজ্যত বাধাৰ যোগ।

তুলা: চাকৰিৰ কাৰণে স্থান পৰিৱৰ্তন কৰিব লগা হ’ব পাৰে। আনৰ কথা শুনি কোনো কাম নকৰিব। শিক্ষাৰ্থীৰ মনত অসন্তুষ্টি বাঢ়িব পাৰে। আজি আপোনাৰ হাতেৰে শুভ কাম আৰম্ভ হ’ব পাৰে।

বৃশ্চিক: প্রাকৃতিক দুর্যোগত ক্ষতি হোৱাৰ আশংকা আছে। হাতৰ পৰা মূল্যৱান বস্তু হেৰুৱাব পাৰে। প্রেম-প্রীতি আৰু সাংসাৰিকত মধ্যমীয়া হ’ব। সাহিত্যিক, খেলুৱৈ, শিল্পী, নতুন উন্নতিমূলক কৰ্মৰ প্ৰতি আকৃষ্ট হ’ব।

ধনু: দুখৰ সময়ত বন্ধুৰ পৰা সহায় পাব। ব্যৱসায়ত সাৱধানতা অৱলম্বন কৰিব। ঘৰলৈ মূল্যৱান সম্পত্তি আহিব। যিকোনো কামৰ সুফল লাভ কৰিব। বিবাহৰ প্ৰস্তাৱ আহিব পাৰে।

মকৰ : স্বাস্থ্যৰ প্ৰতি অধিক যত্ন লওক. অৰ্থহানিৰ যোগ দেখা যায়। পৰিয়ালত বিবাদ হ’ব। লাভ বৃদ্ধি হ’ব। প্রেমত আন্তৰিকতা বাঢ়িব। ব্যৱসায়ত সফলতা অর্জন কৰিব।

কুম্ভ: আয় উপাৰ্জনৰ ক্ষেত্ৰত বাধা আঁতৰিব। বিদ্যাত বেয়া দেখা নাযায়। আর্থিক সমস্যাৰ বাবে ক্ষতি হোৱাৰ ভয়। ব্যৱসায়ীসকলে টকা-পইচাৰ লেনদেন নিজৰ হাতেৰে কৰিব।

মীন: কর্মক্ষেত্রত আর্থিক লেনদেনত সাৱধান থাকিব। বিদ্যার্থীসকলৰ বাবে শুভ দিন। চাকৰি প্ৰত্যাশীসকলৰ ভাল খবৰ আহিব পাৰে। সন্তানৰ বিষয়ে চিন্তা কৰক।

Exit mobile version