Accountant Arrested For Taking Bribe:
ঘোচখোৰৰ বিৰুদ্ধে দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই যিমানেই অভিযান চলাইছে ৷ সিমানেই যেন ঘোচ খোৱাৰ প্ৰতিযোগিতাহে চলিছে ৰাজ্যত ৷ ইজনৰ পিছত সিজনকৈ চৰকাৰী বিষয়া – কৰ্মচাৰী ঘোচ লৈ দুৰ্নীতি নিবাৰকৰ জালত পৰাৰ পাছতো যেন শিকনি হোৱা নাই একাংশ ঘোচখোৰৰ ৷
ADVERTISEMENT
আজি যোৰহাটৰ কৃষি বিভাগৰ কাৰ্যালয়ত দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ অভিযান চলাই হাতেলোটে আটক কৰে এগৰাকী মহিলা বিষয়াক ৷
জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ গাণনিক বিষয়া ৰূপে কৰ্মৰত ৰাণী বৰা নামৰ মহিলা বিষয়াই গৰাকীয়ে এজন লোকৰ পৰা ছয় হাজাৰ টকাৰ উৎকোচ লওঁতেই পূৰ্বৰে পৰা খাপ পিটি থকা দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ দলে হাতেলোতে কৰায়ত্ত কৰে ৷
উল্লেখ্য যে, যোৰহাটত ইয়াৰ পূৰ্বেও উৎকোচ লৈ গ্ৰেপ্তাৰ হৈছিল আন দুগৰাকী মহিলা কৰ্মচাৰী ।