Horoscope: দিনটোৰ ৰাশিফল

horoscope

Horoscope: দিনটোৰ ৰাশিফল

মেষ: কৰ্মতৎপৰতা বজায় ৰাখিব। শৰীৰ মধ্যম। প্ৰেমত বিৰোধ। প্ৰতিকাৰ : শুভ ৰং ৰঙা। শুভ সংখ্যা ৯। তুলসী গছত পানী দিব।

বৃষ: কর্মত উদ্বেগ থাকিব। তথাপিও যোগাযোগ ৰক্ষা কৰিব পাৰিব। উচ্চ শিক্ষাত ভাল দেখা দিব। প্ৰতিকাৰ : পুৱা আৰু সন্ধিয়া শুক্রস্তোত্ৰ পাঠ কৰিব। শুভ ৰং বগা। শুভ সংখ্যা ৭।

মিথুন: আজিৰ কোনো বুদ্ধিদীপ্ত চুক্তি সম্পাদন কৰিব পাৰিব। ব্যৱসায় বা বাণিজ্যৰ দ্বাৰা আয়ৰ বৃদ্ধিৰ যোগ। প্ৰতিকাৰ : শুভ ৰং নীলা। শুভ সংখ্যা ৪। দুধল গৰুক দানা খুৱাব।

কর্কট: কর্মস্থান বা বিষয়ত কিছু চিন্তা থাকিব। পাৰিবাৰিক শুভ। স্বাস্থ্য মধ্যম। প্ৰতিকাৰঃ তামৰ পাত্ৰত পানী খাব। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ২।

সিংহ: কর্মস্থানত স্বচ্ছতা নাপাবও পাৰে। প্ৰেমত আৰু দাম্পত্যত মধ্যম। কক্ষ ব্যৱহাৰ ত্যাগ কৰিব। প্ৰতিকাৰঃ সূর্য প্রণাম কৰিব। শুভ ৰং নীলা। শুভ সংখ্যা ৮।

কন্যা: আর্থিক দিশত ভাল দেখা যাব। কর্মক্ষেত্রত দক্ষতা বৃদ্ধি হ’ব। বিদ্যাত বাধা আছে। প্ৰতিকাৰ : এজন শিশুক পায়স খুৱাব। শুভ ৰং নীলা। শুভ সংখ্যা ৭।

তুলা: আর্থিক ভাল। ব্যৱসায়-বাণিজ্যত মধ্যম। বিবাহৰ যোগ দেখা দিব। প্ৰতিকাৰ : হনুমান চালিচা পাঠ কৰিব। শুভ ৰং বগা। শুভ সংখ্যা ৬।

বৃশ্চিক: ভ্ৰমণৰ যোগ দেখা দিব। ব্যৱসায়ত ভাল। উচ্চ শিক্ষাত বাধা দূৰ হ’ব। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৩। মঙল স্তোত্র পাঠ কৰিব।

ধনু: কৰ্ম আৰু পাৰিবাৰিক ক্ষেত্ৰত শুভ ফল। উচ্চ শিক্ষাত বাধা দূৰ হ’ব। শুভ ৰং হালধীয়া। শুভ সংখ্যক ৮। কোনো পূজাৰীক ফলদান কৰিব।

মকৰ: কৰ্মস্থানত গতানুগতিক পৰিৱেশ থাকিব। ভ্রমণত লাভজনক হ’ব। শুভ ৰং মাটিয়া। শুভ সংখ্যা ৪। শিৱ মন্দিৰ দৰ্শন কৰিব।

কুম্ভ: শিল্প কলাত পাৰদৰ্শিতা বৃদ্ধি পাব। দিনটোৰ খৰচৰ মাত্রা বৃদ্ধি হ’ব পাৰে। শৰীৰ মধ্যম। শুভ ৰং ক’লা। শুভ সংখ্যা ৬। আজি অলপ ক’লা তিল খাব।

মীন: আজি বিশেষ কিছুমান কাৰ্যসূচীৰ থিক সমাধান পাব। মনৰ কোনো আশা পূৰণ হ’ব পাৰে। শুভ ৰং গুলপীয়া। শুভ সংখ্যা ১। আজি নিৰামিষ আহাৰ খাব।

Exit mobile version