Illegal Tir in C.M. Constituency:
অবৈধ তীৰৰ কৰাল গ্ৰাসত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ গৃহ সমষ্টি ৷ কামৰূপৰ উত্তৰ গুৱাহাটীৰ বিভিন্ন স্থানত মুকলিকৈ চলে তীৰৰ ৰমৰমীয়া বেহা। গেলা মালৰ দোকানৰ পৰা আৰম্ভ কৰি পাচলিৰ দোকানলৈ সুলভ হৈ পৰিছে এই অবৈধ তীৰৰ বেহা।
ADVERTISEMENT
উল্লেখ্য যে, মুখ্যমন্ত্ৰী শৰ্মাই অবৈধ তীৰ ব্যৱসায়ীৰ বিৰুদ্ধে অসম আৰক্ষীক ব্যৱস্থা গ্ৰহনৰ বাবে নিৰ্দেশ দিছিল যদিও মুখ্যমন্ত্ৰী গৰাকীৰ সকলো নিৰ্দেশ যেন ফুটুকাৰ ফেনত হে পৰিণত হৈছে তেওঁৰ নিজ গৃহ সমষ্টিত। যাৰ ফলত আৰক্ষীৰ চকুৰ সন্মুখতে এনেদৰে মুকলিকৈ চলি আছে অবৈধ তীৰৰ ৰমৰমীয়া বেহা।