UPSC Result :ঘোষণা হ’ল UPSC মূল পৰীক্ষাৰ ফলাফল

উজলিল অসমৰ ছয় সন্তান

main

UPSC Result :

আজি ঘোষণা হ’ল UPSC মূল পৰীক্ষাৰ ফলাফল। মূল পৰীক্ষাত উত্তীৰ্ণ হয় ১০১৬গৰাকী পৰীক্ষাৰ্থী ৷ এইবাৰৰ UPSC ত দেশৰ ভিতৰতে প্ৰথম স্থান অধিকাৰ কৰে লক্ষ্ণৌৰ আদিত্য শ্ৰীবাস্তৱৰ। একেদৰে দ্বিতীয় স্থান দখল কৰে অনিমেশ প্ৰধানে আৰু তৃতীয় স্থান লাভ কৰে অনন্যা দেৱীয়ে।

আনহাতে এইবাৰৰ UPSC পৰীক্ষাত উজলি উঠিল অসমৰ ছয় কৃতী সন্তানে ৷ মেধাবী সকল হ’ল ক্ৰমে ১৭২নং স্থানত অভিজ্ঞান হাজৰিকা,২৩০নং স্থানত ৰিকি লহকৰ প্ৰধান, ৩২০নং স্থানত ঈশ্বৰী ডেকা,৫৫২নং স্থানত ভাস্বত শইকীয়া , ৯৯২ নং স্থানত উজলিল কল্লোল হাজৰিকা আৰু ১০১৩ সংখ্যক স্থানত আজমল হুছেইন।

উল্লেখ্য যে ১০১৬গৰাকী নিৰ্বাচিত মেধাৱী সকলৰ ভিতৰত ৩৪৭ গৰাকী সাধাৰণ শ্ৰেণীৰ, ১১৫গৰাকী ই ডব্লিউ এছৰ, ৩০৩গৰাকী অবিচি, ১৬৫গৰাকী এছচি, আৰু ৮৬গৰাকী এছটিৰ ৷

Exit mobile version