Horoscope: দিনটোৰ ৰাশিফল

horoscope

Horoscope: দিনটোৰ ৰাশিফল

মেষ: এই ৰাশিৰ জাতক-জাতিকাৰ উচ্চ শিক্ষা আৰু গৱেষণা কৰ্মৰ কাৰণে বিদেশ গমন হ’ব পাৰে। যৌথ ব্যৱসায়ত সতর্ক থকা ভাল। শুভ ৰং বগা, সংখ্যা ২।

বৃষ: আপোনাৰ দিনটো খং-ৰাগ নিয়ন্ত্ৰণ কৰিলে ভাল ফল পাব। ঘৰুৱা দিশত কোনো বিশেষ সিদ্ধান্ত লোৱাৰ আগতে গুৰুজনাৰ স’তে পৰামৰ্শ কৰা ভাল হ’ব।

মিথুন: : পুৰণি বেমাৰে শাৰীৰিক কষ্ট বৃদ্ধি কৰিব পাৰে। ঘৰত কোনো মাংগলিক অনুষ্ঠান হোৱাৰ যোগ। সন্তানৰ ভাল। শুভ ৰং ৰঙা। শুভ সংখ্যা ৩।

কর্কট: নিবনুৱাৰ ভাল-বেয়া মাজেৰে পাৰ হ’ব। শৰীৰ মধ্যম, উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰক। দাম্পত্য আৰু প্ৰেমত মজলীয়া শুভ ৰং ইটা, শুভ সংখ্যা ৭।

সিংহ: আপোনাৰ আৰ্থিকত বেয়া নহ’ব। বিদ্যাত শুভ। উচ্চ শিক্ষাত যত্নৰ প্রয়োজন আছে। ভ্রমণৰ যোগ আছে। ঘৰত মজলীয়া।

কন্যা: মনৰ কোনো পুৰণি আশা পূৰণ হ’ব। ভাই-ভনীৰ মাজত সদ্ভাৱ বজাই ৰাখিব। ভ্রমণত শুভ। প্রেমত বাধা।

তুলা: দিনটো ভাল-বেয়াৰ মাজেৰে পাৰ হ’ব। ৰাজনীতিবিদ সকলৰ কাৰণে পৰিস্থিতি জটিল হ’ব পাৰে। প্ৰয়োজনত বন্ধুৰ সহায় পাব। শুভ ৰং নীলা, শুভ
সংখ্যা ৬।

বৃশ্চিক: দিনটো কর্মব্যস্ততা দেখা যায়। সৰু-সুৰা ভ্ৰমণৰ যোগ। কোনো সংবাদে মানসিক অশান্তি বৃদ্ধি কৰিব ৷বন্ধুৰ সহায় পাব। শুভ ৰঙা ৷ শুভ সংখ্যা ৪ ৷

ধনু: আর্থিকত লেন-দেন সতর্ক থাকিব। সন্তানৰ সাফল্যত আনন্দিত হ’ব। কন্যা সন্তানৰ বিবাহৰ কথা আগবাঢ়িব। শুভ ৰং গুলপীয়া।

মকৰ : কর্মক্ষেত্ৰত খেলি-মেলি হোৱাৰ আশংকা আছে। সহকর্মীৰ লগত মতভেদ হ’ব পাৰে। প্ৰেমত ভাল। দূৰ ভ্ৰমণ। শুভ ৰং আকাশী নীলা, শুভ সংখ্যা ১।

কুম্ভ: সামাজিক পৰিসৰ বৃদ্ধি পাব। মাটি-বাৰী ক্ৰয় কৰাৰ কথা নভবাই ভাল হ’ব। নিবনুৱাৰ কৰ্ম লাভৰ যোগ। উচ্চ শিক্ষার্ক যত্নৰ প্ৰয়োজন আছে। শুভ ৰং হালধীয়া, শুভ সংখ্যা ৮।

মীন: বিদ্যার্থীৰ কাৰণে দিনটো ভাল। প্রেমত ভাল হ’লেও দিনটোৰ শেষৰ ভাগত ভুল বুজা-বুজিৰ কাৰণে সাময়িক দূৰত্ব বৃদ্ধি হ’ব পাৰে। সন্তানৰ স্বাস্থ্যাৰ প্ৰতি নজৰ ৰাখক। শুভ ৰং মাটিয়া,শুভ সংখ্যা ২।

Exit mobile version