Dimahasu Em Brather Kidnapped Incident:ডিমা হাছাও পৰা অপহূত ই এম ভাতৃ অপহৰণকাৰীৰ কবলৰ ওলাই আহিল

শুক্ৰবাৰে নিশা লামডিং ৰিজাৰ্ভ ফৰেষ্টৰ পৰা ওলায় আহিল প্ৰসেনজিৎ নাইডিঙ, নিজেই ৰছিচিল অপহৰণৰ নাটক

dimahasau incident

Dimahasu Em Brather Kidnapped Incident:

ৰহস্যজনকভাৱে ডিমা হাছাও পৰা অপহূত উত্তৰ কাছাৰ পাৰ্বত্য জিলা স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য মনজিৎ নাইডিঙৰ ভাতৃ প্ৰসেনজিৎ নাইডিঙক শুক্ৰবাৰে নিশা লামডিং ৰিজাৰ্ভ ফৰেষ্টৰ পৰা উদ্ধাৰ কৰা হয় ৷

উল্লেখ্য যে,পাৰিবাৰিক কাৰণত প্ৰসেনজিৎ নাইডিঙে নিজেই ৰচিছিল অপহৰণৰ নাটক। চাথিলজিৎ নাইডিং নামৰ বন্ধুৰ সৈতে ৰছনা কৰিছিল অপহৰণৰ নাটক। অৱশেষত নিজেই যোৱা নিশা ওলাই আহিল ৷ মনকৰিবলগীয়া যে,১৮ এপ্ৰিলৰ পুৱতি নিশা প্ৰসেনজিতে নিজৰ বন্ধু চাথিলজিতৰ বাহনেৰে গৈছিল ডিমাপুৰলৈ। তাৰ পিছতে প্ৰসেনজিৎ নাইডিঙ অপহৰণ হোৱা বুলি হাফলঙত বিয়পি পৰে ৷ অৱশেষত যেন আজি হাই ভল্টেজ ড্ৰামাৰৰ যেন অন্ত পেলালে ইএম ভাতৃজনে ৷

উল্লেখ্য যে,দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ব্যাপক কুজকাৱাজৰ মাজতে নৰ্থ কাছাৰ হিলচ্ অটনমাছ কাউন্সিলৰ বিজেপিৰ নিৰ্বাচিত কাৰ্যবাহী সদস্য মনজিৎ নাইডিঙৰ ভাতৃ প্ৰসেনজিৎ নাইডিঙত বিদ্ৰোহী সংগঠন ইউনাইটেড ডিমাছা লিবাৰেশ্বন আৰ্মি (UDLA)ৰ কেডাৰে থাইজুৱাৰীৰ নিজ বাসগৃহত চলি থকা বিবাহবাহৰৰ পৰা বৃহস্পতিবাৰে নিশা UDLA ৰ সদস্যই অজ্ঞাত স্থানলৈ লৈ যোৱা বুলি সৰ্বত্ৰে প্ৰচাৰ লাভ কৰিছিল ৷
আনহাতে, বিদ্ৰোহী সংগঠনটোৱে প্ৰসেনজিৎৰ চকুত কাপোৰ বান্ধি তেওঁলোকৰ জিন্মাত থকা অৱস্থাৰ এখন ফটো ছ’চিয়েল মিডিয়া প্লেটফৰ্মত আপলোড কৰাৰ ফটোও প্ৰকাশ পাইছিল ৷

ইপিনে, অপহৰণ কাণ্ডই জোকাৰি গৈছিল পাবৰ্ত্য জিলা খনত । NCHAC ৰ চীফ দেৱলাল গাৰ্লোচাই সমস্ত বিষয়টোৰ সন্দৰ্ভত অতি তৎপৰতা দেখুৱাই হাফলঙত উচ্চপদস্থ আৰক্ষীৰে ঘনে ঘনে বৈঠকত মিলিতও হৈছিল ৷

আনহাতে,প্ৰসেনজিৎ নাইডিংৰ দুৰ্ভগীয়া পৰিয়ালে হাফলং থানাত UDLA ৰ অপহৰণ কাণ্ডৰ বিৰুদ্ধে দাখিলো কৰিছিল এজাহাৰ ৷ উল্লেখ্য যে, পাৰ্বত্য জিলা খনৰ সৰু-বৰ সকলো বিদ্ৰোহী সংগঠনে অস্ত্ৰ সমৰণ কৰি ইতিমধ্যে মুল সূঁতিলৈ ঘূৰি অহাৰ পিছত আৰু কোনো সংগঠন সক্ৰিয় হৈ থকা নাই বুলি আৰক্ষী নিশ্চিত আছিল ৷

Exit mobile version