Horoscope: দিনটোৰ ৰাশিফল

horoscope new 2

Horoscope: দিনটোৰ ৰাশিফল

মেষ: বিদ্যার্থীৰ অনুকূল। মনত বল ৰাখক। ঘৰুৱা সমস্যা শাম কাটিব। আর্থিক মধ্যম ক’ব পৰা যায়। প্ৰেমত মধ্যম।

বৃষ: যানবাহন চলোৱাত সাৱধান থাকিব। খাদ্য দ্ৰব্যৰ ব্যৱসায়ত ভাল দেখা যায়। প্রেমত মোটামুটি।

মিথুন: নিবনুৱাৰ ভাল বেয়াৰ মাজেৰে দিনটো পাৰ হ’ব। চাকৰিয়ালৰ মজলীয়া। দাম্পত্য ভালেই ক’ব পাৰি। প্ৰেমত শুভ।

কর্কট: শৰীৰ স্বাস্থ্য এক প্ৰকাৰ ভাল দেখা নাযায়। দূৰ ভ্ৰমণ হ’ব পাৰে। ঘৰুৱাত শান্তি। প্রেমত অশুভ।

সিংহ: কর্মক্ষেত্রত ভাল তথাপিতো নিজৰ ভাৱমূৰ্তি অম্লান ৰাখিবলৈ চেষ্টা কৰক। ঘৰুৱা বিবাদৰ সমাধান বিচাৰি পাব।

কন্যা: আর্থিকত সফলতা দেখা যায়। দিনটোত মনৰ কোনো আশা পূবণ হ’ব পাৰে। ৰাজনীতিকৰ ব্যস্ততা বৃদ্ধি। প্ৰেমত শান্তি ৷

তুলা: সন্তানৰ স্বাস্থ্য ভালেই দেখা যায়। চুটি ভ্রমণ হ’ব পাৰে। ঘৰত সামাজিক অনুষ্ঠান হোৱাৰ সম্ভাৱনা আছে। প্রেমত চিন্তা। আগবাঢ়িব। মাতৃৰ স্বাস্থ্য ভাল দেখা নাযায়। বিদ্যাত মাধ্যম।

বৃশ্চিক: ভ্রাতৃৰ কৰ্মসূত্ৰে দূৰ স্থান গমন। প্ৰেমত বিয়া-বাৰুৰ কথা৷

ধনু : সামাজিক কৰ্মতৰত সকলে সতর্ক থাকক, কাৰণ দুষ্ট লোকৰ চক্রান্তই কর্মত বাধ দিব। সন্তানৰ হানি কৰিব পাৰে। বিদ্যাত শুভ।

মকৰ : পতি-পত্নীৰ মাজত বিচ্ছেদ। দিনটো সাৱধানে পাৰ কৰিব। কর্মক্ষেত্ৰত সাৱধান।

কুম্ভ: ব্যৱসায়ীসকলে সাৱধান হোৱা ভাল। আর্থিকত ভাল দেখা নাযায়। ঘৰুৱা সমস্যাই দেখা দিব।

মীন: পিতৃৰ শুভ। প্রেমত শুভ যদিও সাৱধান। চাকৰিয়ালৰ মজলীয়। শৰীৰৰ যত্ন লওক। বিদ্যাত শুভ।

Exit mobile version