Ganeshguri Hanuman Janmotsav Celebration:গণেশগুৰিৰ হনুমান মন্দিৰত হনুমান জন্মোসৱৰ মহা আয়োজন

হনুমান জন্মোসৱৰ মহা আয়োজন হনুমান জন্মোসৱৰ শুভাৰাম্ভ মুখ্যমন্ত্ৰীৰ সহধৰ্মিনী ৰিনিকি ভূঞা শৰ্মাৰ

riniki

Ganeshguri Hanuman Janmotsav Celebration:

মহানগৰীৰ গণেশগুৰিৰ হনুমান মন্দিৰত আজি দিনজোৰা বিস্তৃত কাৰ্যসূচীৰে আৰম্ভ হৈছে শ্ৰী শ্ৰী হনুমান জন্মোসৱৰ মহা আয়োজন ৷

গণেশগুৰিৰ হনুমান মন্দিৰ জন্মোসৱ উদযাপন কমিটি আৰু দিছপুৰ মাৰুতি মণ্ডল ন্যাসৰ যৌথ উদ্যোগত আয়োজিত হনুমান জন্মোসৱৰ শুভৰাম্ভ কৰে মুখ্যমন্ত্ৰীৰ সহধৰ্মিনী ৰিনিকি ভূঞা শৰ্মাই ৷ তেওঁ হনুমানৰ শ্ৰীচৰণত শৰাই আগবঢ়াই পূজা-অৰ্চনা কৰে ৷ এই উপলক্ষে আয়োজিত সভাত বহু ধৰ্মপ্ৰাণ লোকে অংশ লয় ৷

উল্লেখ্য যে, পুৱাৰে হনুমান মন্দিৰত সেৱা আগবঢ়োৱা বাবে ভক্ত লানিনিচিঙা সোঁত বৈছে ৷ দিনযোৰা কাৰ্যসূচী অনুসৰি সন্ধিয়ালৈ ভজন-কীৰ্তন অনুষ্ঠিত হ’ব মন্দিৰ প্ৰাংগণত ৷

Exit mobile version