Indians are the Second Largest Citizens in the U S:আমেৰিকাত নাগৰিকত্ব লাভত দ্বিতীয় স্থানত ভাৰতীয়

us

Indians are the Second Largest Citizens in the U S:

আমেৰিকাত নাগৰিকত্ব লাভৰ ক্ষেত্ৰত বিশ্বৰ দ্বিতীয় স্থানত আছে ভাৰতীয়সকল। মার্কিন কংগ্ৰেছৰ প্ৰতিবেদনৰ তথ্য অনুসৰি ২০২২ বর্ষত ৬৫,৯৬০ জন ভাৰতীয় লোকে আমেৰিকাৰ নাগৰিকত্ব লাভ কৰিছিল। ২০২২ত আমেৰিকাৰ নাগৰিকত্ব লাভৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে প্রথম স্থানত আছিল মেক্সিকোৰ বাসিন্দা।

আমেৰিকাৰ কমিউনিটি ছার্ভে ডেটা অনুসৰি ২০২২ বৰ্ষত আমেৰিকাৰ মুঠ জনসংখ্যা আছিল ৩৩ কোটি আৰু ইয়াৰে চাৰি কোটি হৈছে বিদেশী নাগৰিক। মুঠ জনসংখ্যাৰ ১৪ শতাংশই হৈছে বিদেশী।

২০২২ত মার্কিন নাগৰিকত্ব লাভৰ ক্ষেত্রত শীর্ষত আছিল মেক্সিকো, ভাৰত, ফিলিপাইনছ, কিউবা, ডমিনিকান ৰিপাব্লিক, ভিয়েটনাম আৰু চীনৰ বাসিন্দা। ২০২৩ বর্ষত আমেৰিকাত মুঠ ১.৬ কোটি মেক্সিকোৰ বাসিন্দা আছিল। আনহাতে দেশখনত ২০২৩ বৰ্ষত বসবাস কৰিছিল ২৮ লাখ ভাৰতীয় লোকে। একেদৰে চীনৰ ২২ লাখ লোকেও আমেৰিকাত বসবাস কৰিছে।

Exit mobile version