Tirumala Tirupati Devasthanam Is The richest Temple In The World:বিশ্বৰ সবাতোকৈ ধনাঢ্য মন্দিৰ তিৰুমালা তিৰুপতি দেৱস্থানম

তিৰুপতি দেৱস্থানমে বেংকত কৰালে ১১৬১ কোটি টকাৰ ফিক্সড ডিপ'জিট

tirupati mandir

Tirumala Tirupati Devasthanam Is The richest Temple In The World:

বিশ্বৰ সবাতোকৈ ধনাঢ্য মন্দিৰ হিচাপে ন্যাস তিৰুমালা তিৰুপতি দেৱস্থানম (টিটিডি)-এ চলিত বর্ষত ১১৬১ কোটি টকাৰ ফিক্সড ডিপ’জিট কৰালে। বিগত ১২ বছৰৰ তুলনাত এয়া হৈছে সর্বাধিক পৰিমাণৰ ফিক্সড ডিপ’জিট। এক প্রতিবেদনৰ তথ্য অনুসৰি টিটিডি হৈছে দেশৰ একমাত্র হিন্দু ধার্মিক ন্যাস,যি ন্যাসে বিগত ১২ বছৰ ধৰি প্ৰতি বছৰে ৫০০ কোটি টকা বা ততোধিক পৰিমাণৰ ধন বেংকত জমা কৰি আহিছে।

২০১২লৈকে এই ন্যাসৰ ফিক্সড ডিপ’জিটৰ পৰিমাণ আছিল ৪৮২০ কোটি টকা। ২০১৩ৰ পৰা ২০২৪ৰ সময়ছোৱাত তিৰুপতি ন্যাসে ৮৪৬৭ কোটি টকা বেংকত জমা কৰিছিল। ভাৰতৰ যিকোনো মন্দিৰ ন্যাসৰ তুলনাত টিটিডিয়ে সর্বাধিক পৰিমাণৰ ধন বেংকত জমা ৰাখিছে। ন্যাসৰ বেংকৰ মুঠ ফিক্সড ডিপ’জিটৰ পৰিমাণ হৈছে ১৩,২৮৭ কোটি টকা। টিটিডিৰ সকলো বেংকৰ মুঠ জমা ধনৰ পৰিমাণ হৈছে ১৮,৮১৭ কোটি টকা। কেৱল সুতৰ পৰাই ন্যাসে বছৰি গড়ে ১৬০০ কোটি টকা লাভ কৰি আহিছে।
টিটিডিৰ স্বৰ্ণ ভাণ্ডাৰৰ পৰিমাণো ১১,৩২৯ কিলোগ্রামলৈ বৃদ্ধি পালে।

Exit mobile version