Seven students committed suicide in two days in Telangana after Failing examsতেলেংগানাত পৰীক্ষাত অকৃতকার্য হৈ আত্মহনন দুদিনত সাত শিক্ষাৰ্থীৰ

suicide

Seven students committed suicide in two days in Telangana after Failing exams:

বিগত দুদিনত তেলেংগানাত আত্মহত্যা কৰিলে সাত শিক্ষার্থীয়ে। প্রকাশিত বাতৰি অনুসৰি, ইণ্টাৰমিডিয়েট পৰীক্ষাত অকৃতকার্য হোৱাত এইসকল শিক্ষার্থীয়ে আত্মহননৰ পথ বাছি ল’লে।

ADVERTISEMENT

আৰক্ষীৰ সূত্ৰই ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত সদৰী কৰা অনুসৰি যোৱা ২৪ এপ্ৰিলত ৰাজ্যখনৰ ইণ্টাৰমিডিয়েট ব’ৰ্ডৰ একাদশ আৰু দ্বাদশৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছিল।

ইয়াৰ পাছৰে পৰা ৰাজ্যৰ একাধিক জিলাত মুঠ সাত শিক্ষার্থীয়ে আত্মহত্যা কৰিলে। আত্মহননকাৰীৰ মাজত দুগৰাকী ছাত্রীও আছে।

Exit mobile version