How Much Money did Ambani Spend on his Son’s Wedding:পুত্ৰৰ বিবাহত কিমান ধন ব্যয় কৰিলে আম্বানীয়ে

ambani

How Much Money did Ambani Spend on his Son’s Wedding:

ৰিলায়েন্স ইন্ডাষ্ট্রীজৰ স্বত্বাধিকাৰী মুকেশ আম্বানীৰ কনিষ্ঠ পুত্র অনন্ত আম্বানীৰ প্ৰাক বিবাহ অনুষ্ঠান ইতিমধ্যে সম্পন্ন হ’ল। অহা জুলাইত ৰাধিকা মার্চেন্টৰ স’তে অনন্তৰ আনুষ্ঠানিক বিবাহ সম্পন্ন হ’ব। চলিত বৰ্ষৰ অন্যতম এখন বিবাহ হিচাপে অনন্ত-ৰাধিকাৰ বিবাহ চর্চিত হৈছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, আম্বানীয়ে তেওঁৰ কনিষ্ঠ পুত্ৰৰ বিবাহত সর্বাধিক ধন ব্যয় কৰিছে।

তথ্য অনুসৰি, প্রাক বিবাহ অনুষ্ঠানতে আম্বানী পৰিয়ালে ১২৬০ কোটি টকা ব্যয় কৰিলে। কেবল খাদ্যতে ব্যয় কৰা হৈছে ২০০ কোটি টকা। প্রাক বিবাহ অনুষ্ঠানত অংশ লৈছিল ৰিহানাৰ দৰে আমেৰিকাৰ সবাতোকৈ জনপ্রিয় পপ তাৰকাই। ৰিহানাই দুঘণ্টাৰ অনুষ্ঠান পৰিবেশনৰ বাবে ছয় নিযুত ডলাৰ অৰ্থাৎ প্রায় ৫০ কোটি টকা পাৰিশ্রমিক গ্রহণ কৰিছিল।

আন এক প্রতিবেদনৰ তথ্যত উল্লেখ কৰা অনুসৰি, আম্বানীৰ পৰিয়ালে পুত্ৰৰ বিবাহত ১৫০০ কোটি টকাৰো অধিক ধন ব্যয় কৰিব। এই বিবাহৰ মূল অনুষ্ঠান অহা জুলাইত লণ্ডনত আয়োজন কৰা হৈছে। তদুপৰি আবু ধাবিতো সংগীত আৰু ককটেল পাৰ্টিৰ আয়োজন কৰা হ’ব।

Exit mobile version