Iranian Rap Singer Sentenced To Death:চৰকাৰক সমালোচনাৰে গীত পৰিবেশন কৰা ইৰানী ৰেপ গায়কক মৃত্যুদণ্ডৰ ৰায়

IRAN 1

Iranian Rap Singer Sentenced To Death:

ইৰান চৰকাৰৰ দুর্নীতিসহ নানা ধৰণৰ সমালোচনা কৰি গীত পৰিবেশন কৰাৰ অপৰাধত দেশখনৰ জনপ্রিয় ৰেপ গায়ক ট’মাজ চালেহিক মৃত্যুদণ্ডৰ ৰায় দিলে ইৰানৰ এখন আদালতে।

সামাজিক মাধ্যম এক্সৰ জৰিয়তে চালেহিৰ অধিবক্তা আমিৰ ৰেচিয়ানে এই কথা সদৰী কৰি জনোৱা অনুসৰি, চৰকাৰক সমালোচনা কৰি গীত পৰিবেশন কৰি অহাৰ অভিযোগত ৰেপ গায়ক চালেহিক আদালতে দোষী সাব্যস্ত কৰি ফাঁচিৰ ৰায় দিলে।

অৱশ্যে সংগীত শিল্পীজনক মৃত্যুদণ্ড বিহাৰ সন্দৰ্ভত ইৰান চৰকাৰে কোনো প্রতিক্রিয়া প্রকাশ কৰা নাই। উল্লেখ্য যে ইৰানত হিজাব বিৰোধী আন্দোলনৰ প্ৰতিও গায়ক চালেহিয়ে সমর্থন ব্যক্ত কৰিছিল। ৩৩ বছৰ বয়সীয়া চালেহিক ৰাষ্ট্রদ্রোহৰ অপৰাধত চৰকাৰে মৃত্যুদণ্ডৰ ৰায় দিয়াক লৈ মানৱাধিকাৰ সংগঠনসমূহে তীব্র বিৰোধিতা কৰিছে।

Exit mobile version