14 million Electric Cars Sold Worldwide in a Yearএবছৰত বিশ্বত ১.৪০ কোটি বৈদ্যুতিক গাড়ীৰ বিক্ৰী

electric car

14 million Electric Cars Sold Worldwide in a Year:

বিশ্বজুৰি সম্প্রতি বৈদ্যুতিক গাড়ীৰ চাহিদা বৃদ্ধি পাইছে। মানুহে পেট্ৰ’ল আৰু ডিজেল চালিত বাহন ত্যাগ কৰি বিকল্প হিচাপে বৈদ্যুতিক গাড়ীক অগ্রাধিকাৰ দিছে । ইন্টাৰনেচনেল এনার্জি এজেন্সি (আইইএ)ৰ প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি, ২০২৩ বৰ্ষত বিশ্বত ১.৪০ কোটি ইউনিট বৈদ্যুতিক গাড়ী বিক্রী হৈছিল।

প্রতিষ্ঠানটোৱে চীন, ইউৰোপ আৰু আমেৰিকাৰ বৈদ্যুতিক গাড়ীৰ বিক্ৰীৰ পৰিসংখ্যা সংগ্ৰহ কৰি এই প্রতিবেদন প্রকাশ কৰিছে। আইইএৰ তথ্য অনুসৰি ২০২৩ বৰ্ষত বিশ্বত ১.৪০ কোটি বৈদ্যুতিক বাহন বিক্ৰী হোৱাৰ ফলত সম্প্রতি বিশ্বত বৈদ্যুতিক বাহনৰ সংখ্যা চাৰি কোটিলৈ বৃদ্ধি পালে।

২০২২ বৰ্ষৰ তুলনাত ২০২৩ বর্ষত বিশ্বত ৩৫ লাখ ইউনিট বৈদ্যুতিক গাড়ী বিক্রী হ’ল। আনহাতে ২০১৮ বৰ্ষৰ তুলনাত ২০২৩ বর্ষত বিশ্বত বৈদ্যুতিক গাড়ীৰ বিক্ৰীৰ সংখ্যা ছগুণ অধিক হ’ল।

Exit mobile version