Meteorological Department Has Issued a Yellow Alert in 30 Districts of Assam:ৰাজ্যৰ ৩০ জিলাত বজ্ৰপাত- ধুমুহা সহ মুষলধাৰ বৰষুণৰ সম্ভাৱনা

বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে হালধীয়া এলাৰ্ট

weather

Meteorological Department Has Issued a Yellow Alert in 30 Districts of Assam:

গুৱাহাটী মহানগৰ সহ ৰাজ্যত অব্যাহত থকা উৎকট গৰমৰ মাজতে আগন্তুক সপ্তাহটোত বজ্ৰপাত-ধুমুহা সহ মুষলধাৰ বৰষুণৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান বিভাগে ৷

কামৰূপ (মহানগৰ) ,কামৰূপ গ্ৰামীণ,বৰপেটা, নলবাৰী, বাক্সা,দক্ষিণ শালমৰা মানকাচৰ, ধুবুৰী, কোকৰাঝাৰ, গোৱালপাৰা, বঙাইগাঁও,ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ, শিৱসাগৰ, মৰিগাঁও, নগাঁও, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, ধেমাজি,ডিমা হাচাও, কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি,যোৰহাট, মাজুলী, গোলাঘাট, কার্বি আংলং, হোজাই, পশ্চিম কার্বি আংলঙত প্ৰৱল বতাহ-ধুমুহাৰ লগতে হ’ব পাৰে বৃষ্টিপাত ৷ এনেক্ষেত্ৰত উল্লিখিত জিলা কেইখনত বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে হালধীয়া এলাৰ্ট

আনহাতে , আজি অসমত বতৰে ল’ব পাৰে ভয়ংকৰ ৰূপ। অসমকে ধৰি সমগ্ৰ উত্তৰ-পূবক লৈ অৰেঞ্জ এলাৰ্ট জাৰি। ৰাজ্যবাসীলৈ বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী।

Exit mobile version