NORTH GHY- KAMRUP ELECTION UNHEALTHY FOOD:কামৰূপ জিলা আয়ুক্তৰ কাৰ্য্যালয়ত খাদ্যৰ বাবে উত্তপ্ত পৰিস্থিতি

নিৰ্বাচনী দায়িত্বত থকা বিষয়া-কৰ্মচাৰীক অতি নিম্নমানদণ্ডৰ খাদ্যৰ যোগান ধৰাৰ অভিযোগ

ghy 1

NORTH GHY- KAMRUP ELECTION UNHEALTHY FOOD:

কামৰূপ জিলা আয়ুক্তৰ কাৰ্য্যালয়ত খাদ্যৰ বাবে উত্তপ্ত পৰিস্থিতি । নিৰ্বাচনী দায়িত্বত থকা বিষয়া-কৰ্মচাৰীক অতি নিম্নমানদণ্ডৰ খাদ্যৰ যোগান ধৰাৰ অভিযোগ প্ৰশাসনৰ বিৰুদ্ধে ।

অস্বাস্থ্যকৰ তথা গোন্ধ ওলোৱা খাদ্য যোগান ধৰাৰ বাবে সৃষ্টিৰ হয় অপ্ৰীতিকৰ পৰিস্থিতিৰ । অভিযোগ অনুসৰি অতি নিম্নমাণৰ চাউল আৰু অসিদ্ধ ভাত খাই লোক সকলৰ পেটৰ অসুস্থ হয় । দুপৰীয়াৰ আহাৰ খাই অসুস্থ হয় কেইবাগৰাকীও বিষয়া কৰ্মচাৰী ।

আয়ুক্ত কাৰ্যালয়ৰ অস্থায়ী ৰান্ধনীশালত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে বিষয়া কৰ্মচাৰী সকলে । কামৰূপ জিলা প্ৰশাসনৰ নিৰ্বাচনী দায়িত্বত নিয়োজিত বিষয়া-কৰ্মচাৰী সকলক আভুৱা ভৰা খাদ্য খোৱাই কাম কৰোৱাৰ গুৰুত্বৰ অভিযোগ ।

কৰ্মচাৰী সকলক অস্বাস্থ্যকৰ খাদ্য যোগান ধৰি চৰকাৰী ৰাজভঁৰালৰ পৰা অপচয় কৰিছে লাখে লাখে টকা । খাদ্য যোগানৰ ঠিকা প্ৰদান কৰিছিল শুৱালকুছিৰ নবজ্যোতি মহন্ত নামৰ এগৰাকী ধুৰন্ধৰ ব্যৱসায়ীয়ে ।

প্ৰতি বছৰে নিৰ্বাচনৰ সময়ত বেয়া খাদ্য যোগান ধৰা বুলি নাম আছে এগৰাকীৰ ঠিকাদাৰৰ বিৰুদ্ধে নৱজ্যোতি মহন্ত নামৰ এজন ঠিকাদাৰৰ লগত বুজাবুজিৰে মাণদণ্ডহীন খাদ্য খুৱাই ধনৰ অংক কৰাৰ অভিযোগ উত্থাপিত কৰে ক্ষুধাতুৰ কৰ্মচাৰী সকলে । কাৰ আশীৰ্বাদত প্ৰতি বাৰে নৱজ্যোতি মহন্তই খাদ্য যোগানৰ ঠিকা লাভ কৰে সেয়াও চিন্তনীয় বিষয় । এই সন্দৰ্ভত ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে কৰে তাৎপৰ্যপূৰ্ণ মন্তব্য ।

Exit mobile version