Richest Candidate in the Lok Sabha Elections:লোকসভা নির্বাচনত সবাতোকৈ ধনাঢ্য প্রার্থী বিজেপিৰ পল্লভীৰ সম্পত্তিৰ মূল্য ১৩৬১ কোটি টকা

PALLAVI

Richest Candidate in the Lok Sabha Elections:

লোকসভাৰ নিৰ্বাচনত বর্তমান পর্যন্ত যিসকল প্রার্থীয়ে মনোনয়নপত্র দাখিল কৰিলে তেওঁলোকৰ মাজত সবাতোকৈ ধনাঢ্য প্রার্থীজন হ’ল বিজেপিৰ। দক্ষিণ গোৱা লোকসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্ব্বিতা কৰা পল্লভী শ্রীনিবাস ডেম্প’ৰ মুঠ স্থাৱৰ আৰু অস্থাৱাৰ সম্পত্তিৰ মূল্য হৈছে ১৩৬১ কোটি টকা। এছ’ছিয়েচন ফ’ৰ ডেম ‘ক্রেটিক বিফ ‘মছ (এডিআৰ)ৰ প্রতিবেদনত এই তথ্য উল্লেখ কৰিছে।

দক্ষিণ গোৱাত তৃতীয় পর্যায়ৰ নিৰ্বাচনত ভোটগ্রহণ কৰা হ’ব। আনহাতে মহাৰাষ্ট্ৰৰ কোলাপুৰ সমষ্টিৰ নির্দলীয় প্রার্থী ইৰফান আবুতালিবৰ মুঠ সম্পত্তিৰ পৰিমাণ মাত্র ১০০ টকা।

তামিলনাডুৰ থুথুকড়ি সমষ্টিৰ নির্দলীয় প্রার্থী পনৰাজ কেৰ অস্থাৱৰ সম্পত্তির মূল্য ৩২০ টকা। আনহাতে মহাৰাষ্ট্ৰৰ নানডেড সমষ্টিৰ নির্দলীয় প্রার্থী লক্ষ্মণ নাগৰাও পাটিলৰ সম্পত্তিৰ পৰিমাণ ৫০০ টকা।

Exit mobile version