Horoscope: দিনটোৰ ৰাশিফল

horoscope new 4

Horoscope: দিনটোৰ ৰাশিফল

মেষ: গৱেষকসকলে কর্মত নতুন উৎসাহ পাব কোনো সংবাদত মন ঠিক নিৰুদ্দেশ হৈ নাথাকিব পাৰে। কর্মস্থানত সহকর্মীৰ কামৰ ওপৰত গুৰুত্ব দিয়ক প্রেমত শুভ।

বৃষঃ ধনপ্রাপ্তিৰ সম্ভাৱনা আছে। আনৰ কথাত মন বেয়া নকৰি স্বকৰ্মত মন দিয়ক। ব্যৱসায়ীসকল লেনদেনত বাধাপ্রাপ্ত হ’ব। শৰীৰৰ প্ৰতি নজৰ দিয়ক।

মিথুন: সামগ্রিকভাবে দিনটো ভালেৰেই পাৰ হ’ব। কর্মক্ষেত্ৰত নিজৰ উদ্দেশ্য সাধনৰ চেষ্টা কৰক। নিৱনুৱাৰ বাবে দিনটো শুভ বুলি ক’ব পাৰি।

কর্কট: আনৰ ওপৰত নিৰ্ভৰ নকৰিব, হোৱা কামখিনি নহ’বও পাৰে। নতুনকৈ কোনো কামৰ সন্ধান পাব। ঘৰুৱা দায়িত্ব পালনত অর্থ ব্যয় হ’ব পাৰে।

সিংহ: নানা আহুকালৰ মাজেদি দিনটো পাৰ হ’ব বাবে সাৱধানে থাকক। কর্মস্থানত নতুন দায়িত্ব পৰিব। দাম্পত্যত জেদভাৱ ত্যাগ কৰক। ভ্ৰমণৰ বাবে যো-জা।

কন্যা: আর্থিকত খৰচ বৃদ্ধি পালেও সি প্রয়োজনীয় কাৰণত হ’ব পাৰে। ক্ষেত্র বিশেষে স্বর্ণ লাভৰ আশাও কৰিব পাবে। পাৰিপার্শ্বিকত বিশেষ বাধা নাপাব। মাতৃৰ শৰীৰ ঠিকেই থাকিব।

তুলা: দিনটো আপোনাৰ মোটামুটি ভালেই যাব। আর্থিকত প্রাপ্য ধন পোৱাৰ আশা কৰিব পাবে। ব্যৱসায়ত আইনগত বাধা আহিব। ভ্রমণত দ্রব্য লাভৰ কাৰকতা।

বৃশ্চিক: সামুহিক দৃষ্টিত খুব উন্নত দেখা নাযায়। বিদ্যাত অনুকূল। সন্তানৰ সুসংবাদ পাব। ঘৰুৱাত বেছি একো নাই। ব্যৱসায়ীসকলৰ আৰ্থিক সমস্যাৰ সমাধান হ’ব।

ধনু: যোগ্যতা সম্পন্ন ব্যক্তিয়ে নিজৰ প্ৰায়বোৰ কৰ্মতে সুচল অনুভব কৰিব পাৰে। ভাই-ভনীৰ পৰা আনন্দ পাব। আর্থিকত বিশেষ বাধা নাপাব। দাম্পত্যত চিন্তা।

মকৰ: মান-সম্মানৰ ক্ষেত্ৰত উৎসাহ পাব। পূৰ্বৰ তুলনাত মনৰ কঠোৰতা হ্রাস পাব। নতুন কর্ম সন্ধানৰ সম্ভাৱনা। বিদ্যাত শুভ হঠাৎ আনন্দৰ কৰক।

কুম্ভ: সামান্য উন্নত হ’লেও দুই-এটা বেদনাদায়ক কথাই মন গধুৰ কৰিব ৷ পাৰে। কিন্তু সতর্ক থাকিলে বহুতো হ্রাস পাব। ঘৰুৱা পৰিৱেশ মজলীয়া।

মীন: অস্থিবতা বর্জন কৰিবলৈ চেষ্টা কৰক। যান-বাহনৰ পৰা সাৱধান, আকস্মিক আঘাত প্রাপ্তিৰ সম্ভাৱনা। ব্যৱসায়ীসকলে সফলতা পাব ৷

Exit mobile version