Russia Has Announced Nuclear Weapons Exercises Amid the War in Ukraine:ইউক্রেইনৰে যুদ্ধৰ মাজতে পাৰমাণৱিক অস্ত্ৰ অনুশীলনৰ ঘোষণা ৰাছিয়াৰ পশ্চিম বিশ্বৰ উদ্বেগ বৃদ্ধি

rassia

Russia Has Announced Nuclear Weapons Exercises Amid the War in Ukraine:

ইউক্রেইনৰ স’তে যুদ্ধ অব্যাহত থকাৰ সময়তে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমীৰ পুটিনে পাৰমাণবিক অস্ত্ৰৰ সন্দৰ্ভত এক গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰিলে। ৰাছিয়াই পাৰমাণবিক অস্ত্ৰৰ অনুশীলনৰ কথা ঘোষণা কৰিলে।

মস্কোৰ এই ঘোষণাৰ ফলত ইউক্রেইনৰ লগতে দেশখনৰ সহযোগী পশ্চিম বিশ্বৰ উদ্বেগ বৃদ্ধি পালে। ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্রণালয়ৰ এক বিবৃতিত উল্লেখ কৰা অনুসৰি দেশখনে পাৰমাণবিক অস্ত্ৰৰ এক অনুশীলন চলাব।

প্ৰথমবাৰৰ বাবে ৰাছিয়াই আনুষ্ঠানিকভাবে পাৰৰ্মাণবিক অস্ত্ৰৰ অনুশীলনৰ কথা ঘোষণা কৰিলে। পূর্বে ৰাছিয়াই এই ধৰণৰ অনুশীলন চলালেও সেয়া সদৰী কৰা নাছিল।

Exit mobile version