Weather Update :ৰাজ্যত আৰম্ভ হৈছে প্রাক মৌচুমীৰ বৃষ্টিপাত

wather in assam

Weather Update :

ৰাজ্যত আৰম্ভ হৈছে প্রাক মৌচুমীৰ বৃষ্টিপাত ৷ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্রই সদৰী কৰা অনুসৰি সোমবাৰৰ পৰা আৰম্ভ হোৱা এই পৰিবেশ অহা ১২ মে’লৈ অপৰিৱৰ্তীত হৈ থাকিব ৷ বৰষুণৰ লগতে ঠায়ে ঠায়ে মজলীয়া বেগৰ ধুমুহাও হ’ব। আৰু বতাহৰ উপৰি ইতিমধ্যে ঠায়ে ঠায়ে বজ্রপাতো হৈছে। দুর্ভাগ্যজনকভাৱে বজ্রপাতৰ ফলত যোৱা ২৪ ঘণ্টাৰ ভিতৰত অকল বৰপেটা জিলাতে দুগৰাকী কিশোৰীসহ এগৰাকী মহিলাৰ মৃত্যু হয়।

বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি আগন্তুক এসপ্তাহ ধৰি অসমসহ সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ অধিকাংশ অঞ্চলত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ অব্যাহত থাকিব। কেৱল পাহাৰীয়া অঞ্চলবোৰত বৰষুণৰ মাত্ৰা অধিক হোৱাৰ সম্ভাৱনা আছে।
একে পৰিৱেশ বাহাল থাকিব কার্বি আংলং আৰু ডিমা হাছাও জিলাতো। বৰষুণৰ উপৰি এই জিলাকেইখনত ঘণ্টাত কমেও ৫০ কিলোমিটাৰ বেগত ধুমুহা বলাৰ সম্ভাৱনা আছে ।

Exit mobile version