Fancy Bazaar Deadbody Recovered:মহানগৰীৰ ফাঁচী বজাৰতযুৱকৰ ক্ষত-বিক্ষত মৃতদেহ উদ্ধাৰ

অচিনাক্ত দুৰ্বৃত্তই হত্যা কৰাৰ সন্দেহ

deadbody recovered

Fancy Bazaar Deadbody Recovered:

উত্তৰ- পূৰ্বাঞ্চলৰ বাণিজ্যৰ অন্যতম কেন্দ্ৰবিন্দু মহানগৰীৰ ফাঁচী বজাৰত যুৱকৰ মৃতদেহ উদ্ধাৰ। সদাব্যস্ত ফাঁচী বজাৰৰ মাজমজিয়াৰ গেলাপট্টিৰ লক্ষীগলিৰ পাট’দিয়া মাৰ্কেটত উদ্ধাৰ হৈছে এজন যুৱকৰ ক্ষতবিক্ষত মৃতদেহ

পাট’দিয়া মাৰ্কেটৰ তৃতীয় মহলাত উদ্ধাৰ হোৱা যুৱকজনৰ মৃতদেহক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় সমগ্ৰ অঞ্চলটোত । যুৱকজনৰ মুৰৰ পিছফালে আঘাতৰ চিন স্পষ্ট হোৱালৈ চাই যুৱকজনক অচিনাক্ত দুৰ্বৃত্তই হত্যা কৰাৰ সন্দেহ কৰা হৈছে। তেজেৰে তুমৰলি হৈ পৰি থকা অৱস্থাত উদ্ধাৰ হৈছে যুৱকজনৰ মৃতদেহটো।

আনহাতে উদ্ধাৰ হোৱা নাই যুৱকজনৰ পৰিচয় এই পযন্ত জানিবোপৰা হোৱা নাই ৷ ইতিমধ্যে ঘটনাস্থলীত ফাঁচীবজাৰ আৰক্ষী উপস্থিত হৈ যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইছলৈ প্ৰেৰণ কৰাৰ লগতে আৰম্ভ কৰিছে প্ৰাৰম্ভিক তদন্ত ৷

Exit mobile version