RBI Issues New Guidelines:আৰবিআইৰ নতুন নির্দেশনা:স্বর্ণ ঋণত ২০ হেজাৰৰ অধিক নগদ টকা দিব নোৱাৰিব

gold loan

RBI Issues New Guidelines:

গ’ল্ড লোন অর্থাৎ স্বর্ণ ঋণৰ সন্দর্ভত নতুন নির্দেশনা জাৰি কৰিলে ভাৰতীয় ৰিজার্ভ বেংক (আৰবিআই)-এ। এই নতুন নির্দেশনাৰ ফলত স্বৰ্ণ ঋণৰ বিপৰীতে নগদ ধন লাভৰ ক্ষেত্ৰত কিছু সমস্যাৰ সম্মুখীন হ’ব পাৰে গ্ৰাহকসকল। আৰবিআয়ে জাৰি কৰা নতুন নিয়ম অনুসৰি স্বর্ণৰ বিনিময়ত ২০,০০০ টকাৰ অধিক নগদ ধন প্রদান কৰিব নোৱাৰিব।

নানা ধৰণৰ বিপদত ভাৰতৰ বহু লোকে সোণ বন্ধকত ৰাখি বিভিন্ন উৎসৰ পৰা ঋণ লৈ আহিছে। ৰিজার্ভ বেংকে এই বিষয়ত এনবিএফচিক কঠোৰ নিৰ্দেশ দি কয় যে আয়কৰ আইন অনুসৰি স্বৰ্ণ ঋণৰ ক্ষেত্রত ২০,০০০ টকাতকৈ অধিক নগদ ধন ঋণ হিচাপে প্রদান কৰিব নোৱাৰিব। এই পৰিমাণতকৈ অধিক ধন স্বর্ণ ঋণ হিচাপে বিচাৰিলে অনলাইন মাধ্যমৰে বেংকৰ একাউণ্টত গ্রহণ কৰিব লাগিব।

Exit mobile version