Nomination Files Pm Modi:
মঙলবাৰে মনোনয়ন পত্ৰ দাখিল কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। কাশী উপায়ুক্ত কাৰ্যালয়ত বাৰানসী সংসদীয় সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থী হিচাপে তৃতীয়বাৰৰ বাবে মনোনয়ন দাখিল কৰে মোডীয়ে।
ADVERTISEMENT
উল্লেখ্য যে,প্ৰধানমন্ত্ৰী গৰাকীৰ স’তে তেওঁৰ মনোনয়নপত্ৰত প্ৰস্তাৱক হিচাপে থকা প্ৰথিতযশা জ্যোতিষী গণেশ্বৰ শাস্ত্ৰী দ্ৰাবিড়ও উপস্থিত থাকে।
একেদৰে প্ৰধানমন্ত্ৰী গৰাকীক সংগ দিয়ে অসমৰ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা সহ ১২ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগতে প্ৰধানমন্ত্ৰী কেবিনেটৰ ১৮ জনকৈ প্ৰধানমন্ত্ৰী ৷
উল্লেখ্য যে, মনোনয়ন পত্ৰ দাখিলৰ পূৰ্বে বাৰানসীৰ কালভৈৰৱ মন্দিৰ আৰু নমোঘাটতো সেৱা- অৰ্চনা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।