Horoscope:ৰাশিফল

horoscope new 12

Horoscope:ৰাশিফল

মেষ: বন্ধু-বান্ধৱৰ লগত মন খুলি ক’লেও মূল কথা ব্যক্ত নকৰিব।কোনো নভবা প্রসংগই আমনি দিব পাৰে। বিদ্যাৰ চেষ্টাত সুফল। বৃষ: উন্নত পৰিৱেশ অনুভৱ। বিদ্যাত চিন্তিত দেখা যায়। কর্মস্থানত শুভ। আর্থিকত মধ্যম।

মিথুন: কিছু আহুকালৰ মাজেদি সদা প্রয়োজনীয় কর্ম সম্পাদিত হ’ব। শৰীৰ ভালে নাযাব পাৰে। যোগাযোগত আশানুৰূপ ফল পোৱাত কষ্ট পাব।

কর্কট: ক্রমে দিনটো ভাল যদিও আবেলি সময়ৰ পৰা অলপ উদ্বেগ অশান্তি দেখা যায়। দাম্পত্যতো তেনে আভাস আছে। শৰীৰ মধ্যম। বন্ধু-বান্ধৱৰ সংবাদত সুখ।

সিংহ: পাৰিবাৰিক কাৰণত মনটো ভালে নাথাকিব। শৰীৰ পূৰ্বৰ তুলনাত শুভ। পিতৃ-মাতৃৰ বাবে সামান্য চিন্তা। দাম্পত্যত কিছু চিন্তা থাকিব।

কন্যা: উৎকণ্ঠাৰ দিন হ’লেও আপুনি দৃঢ়তা ৰাখক। আনৰ ওপৰত নিৰ্ভৰ কৰা বৰা সন্তুষ্ট নহ’ব। বিদ্যার্থীয়ে অতি দৰকাৰী পাঠত গুৰুত্ব দিয়ক। ব্যৱসায়ত মধ্যম। প্রেমত আনন্দ।

তুলা:কৰ্মত তৎপৰতা থাকিব। কিন্তু শৰীৰো ভালেৰে নাযাব পাৰে। পঢ়া-শুনাতো বেয়া নহ’ব। প্রেম-প্রীতিত উচিত কথাত বাধা। বিয়াৰ সংকেত।

বৃশ্চিকঃ প্রাপ্য ধন আদায়ৰ সুযোগ পাব। কর্মক্ষেত্রত আকস্মিক কোনো বাধা সুচিত হ’ব। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত সুফল আশা কৰিব পাৰে। প্ৰেমত আবেগ।

ধনু: জ্ঞাতি-কুটুম্বৰ বাবে কোনোৰ মনত সন্দেহ হ’ব পাৰে। বন্ধুৰ সহায়। প্রেম-প্রীতি চলোৱা সকলে বিবাহৰ কথা ভাবিব পাৰে। ঘৰুৱা মধ্যম।

মকৰ: আজি বহুক্ষেত্রত মজলীয়া ফল আশা কৰিব পাৰে। বিদ্যাতো তদনুৰূপ। আর্থিকত যোগাযোগ কৰিলে উপকৃত হ’ব পাৰে। বিদ্যাতো কম যদিও ব্যস্ততা থাকিব।

কুম্ভ: শৰীৰ আৰু পৰিৱেশত খুব এটা ভাল প্রভাৱ নাই। দুশ্চিন্তা থাকিব। কিন্তু সামগ্রিক ফলত কষ্ট নাপাব। দায়িত্বপূর্ণ কামত সক্রিয় সহযোগ হয়তো দিব নোৱাৰিব। বিদ্যাত উৎসাহ।

মীন: আগবেলা কোনো ক্ষেত্ৰত নিৰাশ হ’ব পাৰে। অৱশ্যে পিছবেলা তাৰ কিছু লোটা ফল দেখিব। প্রয়োজনীয় ক্ষেত্ৰত সেয়ে সাৱধানে থাকিব। শৰীৰ ভাল হ’লেও উদ্বেগ এৰাব নোৱাৰিব।

Exit mobile version