Horoscope:ৰাশিফল

horoscope new 13

Horoscope:ৰাশিফল

মেষ: আনৰ লগত তুলনা কৰাটো আপুনি ভাল নাপাব। নিজৰ ভাৱমূৰ্তিৰ প্রতি আপোনাৰ থকা দৃঢ়তা ৰক্ষা কৰিব পাৰিব। বিয়া-বাৰুৰ কথা- বতৰাত আগুৱাব পাৰে। প্রেম-প্রীতিত অনুকূল।

বৃষ: কিছু সন্দেহ আৰু কষ্টেৰে আজি পাৰ কৰি দিলে খুব আহুকালত পৰিব নালাগিব। শৰীৰ মধ্যম। মূল কথাত মন দিয়ক, কিছু হ’লেও কৃতকার্য হ’বই। ভ্ৰমণৰ সম্ভাৱনা আছে।

মিথুন: ক্রমে দিনটো ভাল যদিও আবেলি সময়ৰ পৰা অলপ উদ্বেগ- অশান্তি দেখা যায়। দাম্পত্যতো তেনে আভাস আছে। শৰীৰ মধ্যম। পৰাপক্ষত স্পষ্টভাষী হ’বলৈ যত্ন কৰক।

কর্কট: মন ফৰকাল নাথাকিব। কর্মক্ষেত্রত অৱশ্যে কিছু দায়িত্ব পৰিব পাৰে। ঘৰুৱা কথাত সামান্য উদাসীনতা। ভ্রমণত কষ্ট। নিজৰ ৰুচিৰ কামত অৱশ্যে পৰিৱৰ্তন নাপাব। বাধা দুই-এটা আছে।

সিংহ: কোনো স্বভাৱগত তেজস্বিতা কাৰো আগত নেদেখুৱাব। ইয়াক কৰ্মৰ মাজতে ব্যৱহাৰ কৰক। পিতৃ-মাতৃৰ বাবে সামান্য চিন্তা। দাম্পত্যতো কিছু চিন্তা থাকিব। অৱশ্যে বিবাহ বা জীৱিকাৰ উন্নতি হ’ব।

কন্যা: কর্মতৎপৰতা বৃদ্ধি পাব। তাৰ পৰা নতুন কৰ্মচাৰীয়ে প্রশংসিত হ’ব। আর্থিকত খুব বেয়া নহ’ব আজিৰ দিনটোত। দাম্পত্যত মধ্যম। সম্ভানৰ চিন্তা-আঁত বিচাৰি নাপাব। বিদ্যাত উন্নতি।

তুলা: কোনো কামৰ বাবে চুক্তিবদ্ধ হ’ব পাৰে অথবা নতুন কোনো সংস্থাৰ পৰা স্বীকৃতি লাভ। শৰীৰ পিছে খুব ভালেৰে যোৱা টান হ’ব। কিন্তু নতুন এটা কৰি দেখুৱাৰো হাবিয়াস আছে।

বৃশ্চিক: কাৰ্যকৰী সংযোগত অনুকূল। আর্থিকতো আশাপ্রদ। কিন্তু সাময়িক উৎকণ্ঠা থাকিব। মনোবল বঢ়াওক। গৃহৰ স্বাৰ্থত কিছুমানত এৰা-ধৰা কৰিব। পঢ়াত মধ্যম। হঠাৎ কোনো সমস্যাৰ সম্মুখীন হ’লেও দুশ্চিন্তা নানিব।

ধনু: আৰ্থিকৰ বাবে কৰা চেষ্টীত কিছু সুফল দেখিব। আনহাতে, বুজন পৰিমাণৰ খৰচৰ বাবেও প্রস্তুত থকাটো ভাল। বিদ্যাত চিন্তা কম যদিও ব্যস্ততা থাকিব। পিছবেলা বিবিধ উন্নতি।

মকৰ: উৎকণ্ঠাৰে কটাব লগা হ’ব পাৰে। কর্মতো মন চঞ্চল হ’ব পাৰে। কোনো খবৰত বৰ সুখী নহ’ব পাৰে। আর্থিকতো চিন্তা। কিবা নতুন চেষ্টাৰ বাবে মনলৈ সাহস গোটাব পাৰিব। প্ৰেমত শুভ।

কুম্ভ: পিছবেলা কোনো ক্ষেত্ৰত নিৰাশ হ’ব পাৰে। অৱশ্যে আগবেলা তাৰ কিছু ওলোটা ফল দেখিব। প্রয়োজনীয় ক্ষেত্রত সেয়ে সাবধানে চলক। দাম্পত্যত মধ্যম। শৰীৰ ভাল হ’লেও উদ্বেগ এৰাব নোৱাৰিব।

মীন: কর্মস্থানত আৰু পাৰিবাৰিক ক্ষেত্ৰত খুব উৎসাহজনক দেখা নাযায়। নিজে ভবা মতে, সকলো দিশেই দুৱাৰ খোলা নাপাব। শৰীৰ সম্পর্কেও সচেতন থাকক। ভ্রমণাদিত একেবাৰে অন্য মনস্ক হ’ব। দুষ্ট চিন্তা নকৰিব।

Exit mobile version