Guwahati Police Raid the Home of a Youth linked to Ansarullah:গুৱাহাটীত গ্ৰেপ্তাৰ হোৱা আনছাৰুল্লাহ বাংলা টীমৰ দুই দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীক

নথি পত্ৰৰ লগতে চিম কাৰ্ড যোগান ধৰা মুল অভিযুক্তৰ গৃহত অভিযান, চামগুৰিৰ কনুৱামাৰীৰ মতিউৰ ৰহমানৰ গৃহত অভিযান গুৱাহাটী আৰক্ষীৰ

samaguri main

Guwahati Police Raid the Home of a Youth linked to Ansarullah:

১৪ মে’ত গুৱাহাটীত গ্ৰেপ্তাৰ হৈছিল আনছাৰুল্লাহ বাংলা টীমৰ দুই দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী। পল্টন বজাৰ ষ্টেচনত গ্ৰেপ্তাৰ হৈছিল বাহাৰ মিঞা আৰু ৰাছেল মিঞা নামৰ এই দুই সন্ত্ৰাসবাদী। দুয়োটা সন্ত্ৰাসবাদীক লৈ এতিয়া তদন্ত অব্যাহত ৰাখিছে অসম আৰক্ষীৰ অভিযানকাৰী দলে | আৰক্ষীয়ে ইতিমধ্যে  লাভ কৰিছে বহু বিস্ফোৰক তথ্য ।

আনছাৰুল্লাহ বাংলা টীমৰ দুই দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীক নথি পত্ৰৰ লগতে চিম কাৰ্ড যোগান ধৰা মুল অভিযুক্ত নগাঁৱৰ চামগুৰিৰ কনুৱামাৰীৰ মতিউৰ ৰহমানৰ গৃহত গুৱাহাটীৰ পৰা অহা বিশেষ অভিযানকাৰী দলে আজি অভিযান চলাই।

উল্লেখ্য যে, মতিউৰ ৰহমানে সন্ত্ৰাসবাদীক নথিপত্ৰ চিম কাৰ্ড যোগান ধৰি আহিছিল।
আৰক্ষীৰ বিশেষ অভিযানকাৰী দলে গুৱাহাটীত আটক কৰা আন এজন অভিযুক্তক লগত লৈ চলাই এই অভিযান।

গুৱাহাটীত ধৃত দুই আনছাৰুল্লাহ বাংলা সন্ত্ৰাসবাদীৰ লগৰ এজনৰ লগত বা‌ংগলুৰুত এক লগে কাম কৰিছিল মতিউৰ ৰহমানে। যোৱা বছৰ জুলাই মাহত মতিউৰৰ গৃহৰ পৰা জব্দ কৰিছিল আৰক্ষীৰ অভিযানকাৰী দলে আধাৰ কাৰ্ড বনোৱা মেচিন | কেইমাহমান পুৰ্বে মতিউৰ ওলাই আহিছিল জেলৰ পৰা |

Exit mobile version