Eat Before Drinking Alcohol :মদ্যপানৰ পূৰ্বে কি খাব ?

liquid

Eat Before Drinking Alcohol :

কম-বেছি পৰিমাণে অধিকাংশ লোকেই মদ্যপান কৰে। সন্ধিয়া ডিঙিত নিতিয়ালে বহুতৰে ক্লান্তিয়ে দূৰ নহয়। বহুতে আকৌ মদ্যপানৰ পূর্বে কি খাব সেয়া ভালদৰে নুবুজে। অত্যধিক উৎসাহত বহু কিবাকিবি খাই দিয়ে। কিন্তু মদ্যপানৰ পূৰ্বে কিছুমান খাদ্য খালে বিশেষ শাৰীৰিক ক্ষতিৰ আশংকা কম থাকে। সেইবোৰ খাদ্যৰ বিষয়ে জানি থোৱাই ভাল।

১/ কণী:

কণীত প্ৰচুৰ পৰিমাণে প্র’টিন থাকে। এলক’হল গ্ৰহণৰ পূৰ্বে কণীৰ বগা অংশ খাব পাৰিলে এলক’হল হজম কৰাত পাকস্থলীয়ে কিছু সময় লয়। সদায় নিশাৰ আহাৰ পাতলীয়াকৈ গ্রহণ কৰাৰ পাছতহে মদ্যপান কৰিবলৈ চেষ্টা কৰক ৷অৱশ্যে অমলেট, সিদ্ধ বা ভুজিয়া যিকোনো উপায়েৰে কণী খোৱাটো শৰীৰৰ বাবে ভাল।

২/ওটছ:

ওটছত প্ৰচুৰ পৰিমাণে ফাইবাৰ, প্ৰ’টিন আৰু খনিজ থাকে। সেয়ে মদ্যপানৰ পূৰ্বে ওটছ খালে যকৃতক বিকল হ’বলৈ নিদিয়ে। ক’ব পাৰি যে শৰীৰৰ ক্ষতি কম
হয়।

৩/কল:

কলত প্ৰচুৰ পৰিমাণে এনার্জি থাকে। ইয়াৰ উপৰি আছে পটাছিয়াম। প্ৰচুৰ পৰিমাণে পানীও থাকে। সেয়ে মদ্যপানৰ স’তে স্নেক্স হিচাপে কলৰ স্মুডি, ফ্ৰুইট ছালাড বা কল আৰু টেঙা দৈৰে তৈয়াৰী কোনো খাদ্য ৰাখিব।

৪/টেঙা দৈ:

টেঙা দৈত প্ৰচুৰ পৰিমাণে চর্বি, প্ৰ’টিন আৰু কাৰ্ব’হাইড্রেট থাকে। সেয়ে নিশা মদ্যপানৰ পূর্বে এবাটি টেঙা দৈ পান কৰিব পাৰিলে বৰ ভাল।

Exit mobile version