Horoscope:ৰাশিফল

horoscope new 13

Horoscope:ৰাশিফল

মেষ: পৰিৱেশত কিছু খেলি-মেলি থাকিব। খুব নিশ্চিন্তে থকাতকৈ সতর্ক হৈ কাম-কাজত মন ৰাখিব। ভ্রমণ আদিতো কষ্ট পোৱাৰ সম্ভাবনা। আথির্কত মধ্যম। শুভ ৰং ৰঙা, শুভ সংখ্যা ৯।

বৃষ: কোনো কথাত মানসিক অন্তর্দ্বন্দ্বত ভোগাৰ সম্ভাৱনা। পুৰণা বন্ধুৰ লগত সাক্ষাতৰ সম্ভাৱনা আছে। প্রেম-প্রীতিত তেনে বাধা নাই। দাম্পত্যত একেবাৰে নিৰাশ নহয়। হালধীয়া শুভ ৰং। শুভ সংখ্যা ১।

মিথুন: প্রিয় সংগৰ লগত মন ভাল লাগিব। আর্থিকত মজলীয়া ফল পাব। ঘৰুৱা শান্তি ব্যাহত নহয়। নতুন সংবাদত চিন্তিত। কোনোরে বৈবাহিক যোগাযোগ বা সামাজিক সম্পর্কাদিত যোগদান কৰিব পাৰে। শুভ ৰং মাটিয়া, শুভ সংখ্যা ২।

কর্কট: কর্মস্থানত কোনো কাৰণে কিছু উদ্বেগ দেখা যায়। মতান্তৰ আদিবো কাৰক। কোনো সংবাদ আৰু যোগাযোগত সামান্য সুখ। বিদ্যাত মজলীয়া শুভ ৰং ক’লা, শুভ সংখ্যা ৭।

সিংহ: আজি কিছু উন্নত। কর্মস্থানত পূৰ্বৰ তুলনাত অনুকূল। নিজৰ বাঞ্ছিত আশা পূৰণৰ আশা দেখিব পাৰে। আর্থিকত কঠিনতা বিশেষ নাপাব। শৰীৰ মধ্যম। শুভ ৰং নীলা, শুভ সংখ্যা ৮।

কন্যা: শৰীৰ তথা মানসিক উদ্বেগ আদিত ভুগিব পাৰে। ভাই-ভনীৰ বাবে দুঃচিন্তা । কর্মস্থানত উদ্বেগ সাফল্য থাকিব। শুভ ৰং পাতল সেউজীয়া, শুভ সংখ্যা ৪।

তুলা: আজিব দিনটো মধ্যম বুলি ধৰিব পাৰে। সংযোগ বা সমস্যাৰ উন্নতি দেখিব। কিছুমান নিশ্চিত ফলৰ আশাত নিজে মন কৰা আঁচনিত খ্যাতি লাভ কৰিব। শুভ ৰং বগা, শুভ সংখ্যা ৫।

ধনু: অস্তিবতাৰ কাৰক। আর্থিকত সফলতা কম পাব। কোনো সংবাদত মিশ্রিত ফল। বিয়া-বাৰুৰ চেষ্টা কৰোতেই কিছু বাধা পাব। স্ব-ব্যৱসায় আদিত নিৰাশ হ’ব নালাগিব। শুভ ৰং শুভ সংখ্যা ৭।

বৃশ্চিক: শুভ সংযোগ। কর্তাদিত উৎসাহ পাবে। কোনো ব্যক্তিগত কাৰণত কৰা অভিযান কিছু দূৰ আশাপ্রদ। শিল্পী, অভিনেতাৰ সুফল। প্রেম-প্রীতিত কিছু চিন্তা। বেঙুনীয়া শুভ ৰং, শুভ সংখ্যা ৯।

মকৰঃ কর্মস্থানত নিজৰ মতবাদৰ ওপৰত প্রাধান্য দিয়ক। আনৰ ওপৰত বেছি নিৰ্ভৰ নকৰিব। মামলা-মোকদমাত জড়িত হ’ব পাৰে। শুভ ৰং পাতল সেউজীয়া, শুভ ৰং সংখ্যা ৪।

কুম্ভ: শৰীৰ আৰু পাৰিপার্শিক প্রায় অনুকূল। আজি কোনো সম্ভাৱনীয় যোগাযোগত উপকৃত হ’ব। য’তে, ত’তে পৰাপক্ষত একো মন্তব্য নিদিব। ব্যৱসায়ত শুভ। শুভ ৰং আকাশী, শুভ সংখ্যা ৪।

মীন: আর্থিক উন্নতিৰ বাবে কিছু যত্নত থাকক। বিদ্যাত তেনে আহুকাল দেখা নাযায়। ঘৰুৱা উন্নতিৰ প্ৰচেষ্টা। প্রেম-প্রীতিত মধ্যম মনোযোগ। মাটি-বাৰীৰ নতুন পৰিকল্পনা। হালধীয়া শুভ ৰং, শুভ সংখ্যা ৩।

Exit mobile version