Rahul Gandhi:পাঁচ জুনত মহিলাৰ একাউণ্টত সোমাব এক লাখ টকা খটাখট খটাখট : আমেঠিত ঘোষণা ৰাহুলৰ

rtt

Rahul Gandhi:

উত্তৰ প্ৰদেশৰ আমেঠিত কংগ্ৰেছৰ প্ৰাৰ্থী কেএল শৰ্মাৰ হৈ প্ৰচাৰত অংশ লৈ কংগ্রেছ নেতা ৰাহুল গান্ধীয়ে ঘোষণা কৰি কয় যে অহা পাঁচ জুনত ইণ্ডি মৰ্চাৰ চৰকাৰ গঠনৰ পাছতে দৰিদ্ৰ মহিলাৰ বেংক একাউণ্টত চৰকাৰে এক লাখ টকাকৈ জমা দিব। ভাষণ প্রসংগত কংগ্রেছ সাংসদজনে ক’লে, ‘পাঁচ জুনত ইণ্ডি মর্চাই কেন্দ্ৰত নতুন চৰকাৰ গঠন কৰিব।

ADVERTISEMENT

ইয়াৰ লগে লগে প্ৰতিটো দৰিদ্ৰ পৰিয়ালৰ এগৰাকী মহিলাৰ বেংক একাউণ্টত এক লাখ টকাকৈ জমা দিয়া হ’ব ৷ একেদৰে প্রতি মাহে দিয়া হ’ব ধন । চাৰি জুলাইত ৮৫০০ টকা তেওঁলোকৰ একাউন্টত জমা হ’ব। প্রতি মাহৰ প্ৰথমটো তাৰিখত ইয়াৰ পাছত খটাখট খটাখট ধন একাউন্টত সোমাব। অংগনৱাড়ী কর্মী সহায়িকাক দুগুণ মাননি দিয়া হ’ব। তদুপৰি আমি প্ৰতিটো পৰিয়ালৰ ব্যক্তিক কর্মসংস্থাপন দিম।’

Exit mobile version