Horoscope:ৰাশিফল

horoscope new 13

Horoscope:ৰাশিফল

মেষ: শৰীৰ বৰ ভালেৰে নাযাব পাৰে। আপুনি পুৱা-গধূলি শিৱৰ মন্ত্র জপ কৰিব। কৰ্মক্ষেত্ৰত বাধা নাই। শুভ ৰং পাতল হালধীয়া।

বৃষ: গুৰুত্বপূর্ণ কাম হাতত ভাবি-চিন্ত ল’ব। বিদ্যার্থীৰ বাবে শুভ দিন। শুভ ৰং কমলা। ঘৰুৱাত শুভ।

মিথুন: সন্ধ্যা মন্দিৰত যাব আৰু ৰঙা ফুলেৰে পূজা কৰিব। পশ্চিম দিশত যাত্ৰা কৰোতে সাৱধান হ’ব। শুভ ৰং ৰঙা। বিদ্যাত শুভ।

কর্কট: মেৰুণ ৰং ব্যৱহাৰ কৰিব। কর্মব্যস্ততা বাঢ়িব। ব্যৱসায়ত আয়-বৃদ্ধিৰ কাৰকতা। শুভ কৰ্ম কৰিব পাৰে।

সিংহ: আনন্দ প্রাপ্তিৰ যোগ। দিনত নিৰামিষ আহাৰ গ্ৰহণ কৰিব। যোগাযোগত বেয়া নহয়। বগা ৰঙৰ বস্ত্ৰ পৰিধান কৰি সন্ধ্যা মন্দিৰত চাকি জ্বলাব।

কন্যা: গুলপীয়া ৰঙৰ ব্যৱহাৰে আপোনাৰ যাত্রা শুভ কৰিব। সন্ধ্যা মন্দিৰত যাব আৰু হালধীয়া ৰঙৰ ফুলেৰে পূজা কৰিব।

তুলা: পৰাপক্ষত দিনটোত যাত্রা নকৰাই ভাল। হালধীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰিব। আকস্মিক অর্থ প্ৰাপ্তিৰ যোগ।

বৃশ্চিক: শৰীৰৰ প্ৰতি যত্ন লওক। বগা ৰুমাল ব্যৱহাৰ কৰিব। বাণিজ্যিক দিশত উন্নত দিন। যাত্ৰাৰ বাবেও দিনটো শুভ।

ধনুঃ দুপৰীয়া ১২ বজাৰ পাছত যাত্রা নকৰাই ভাল। নীলা ৰং শুভ। বিদ্যাত জটিলতা হ’ব পাৰে।

মকৰ: অত্যন্ত শুভ কথাতো সন্তোষ কম পাব। পুৱাৰ ভাগত যাত্ৰা কৰিলে ক’লা ৰং ব্যৱহাৰ নকৰিব। আবেলি তিনি বজাৰ পাছত যাত্রা নকৰিব।

কুম্ভ: কর্মক্ষেত্রত বাধা নাই। আজি আপুনি ভ্রমণ কৰিলে বিষ্ণু মন্দিৰত পূজা কৰি সোঁ হাতত ৰঙা সূতা বান্ধি ল’ব। ৰঙা ৰঙৰ বস্ত্ৰ পৰিধান কৰিব।

মীন: দৰকাৰী কামত অৱহেলা নকৰিব। শুভ ৰং পাতল গুলপীয়া। সন্ধ্যা তুলসীৰ তলত চাকি জ্বলাব। বিদ্যার্থীসকলে কষ্ট কৰিব লাগিব।

Exit mobile version