Horoscope:ৰাশিফল

horoscope new 13

Horoscope:ৰাশিফল

মেষ: যোগাযোগত ব্যতিক্ৰমৰ মাজেৰে আনন্দ পাব। শৰীৰ মোটামুটি ভালেই যাব। বিদ্যাক্ষেত্রত শুভ ফল পাব পাৰে। কিন্তু কর্মক্ষেত্ৰত সৰু- সুৰা বাধা আহিব পাৰে। বিবাহৰ যোগাযোগত শুভ ফল পোৱাৰ সম্ভাৱনা।

বৃষ: ব্যয় বৃদ্ধিৰ কাৰকতা। ঘৰুৱা কোনো কাৰণত মানসিক ক্লেশ থাকিব। বিদ্যাত পাৰিপার্শ্বিক বাধা থাকিব পাৰে। কর্মক্ষেত্ৰত মজলীয়া ফল পাব। বন্ধুৰ বিশ্বাস অর্জন। ব্যৱসায়ত শুভ।

মিথুন: নানা ক্লেশৰ মাজতো আয় স্তিমিত নহ’ব। ব্যৱহাৰিকত আপোনাৰ ধৈর্য অটুট থাকিব। সন্তানৰ বাবে মধ্যম দিন। উদ্যোগী ব্যক্তিৰ আনন্দ লাভ। অনাৱশ্যক কাৰণত অর্থ ব্যয় নকৰিব। প্ৰেমত বাধা।

কর্কট: ঘৰুৱা পৰিৱেশ প্রায় অনুকূল। ভাই-ভনীৰ বাবে আশাবাদী। বিদ্যাত খুব বেয়া নহ’ব। আয় বৃদ্ধিৰ বিকল্প চেষ্টত সাফল্য লাভ। কর্মত নতুন সুযোগ পাব। চাকৰিত মধ্যম উন্নতি।

সিংহ: ব্যৱসায়ত মধ্যম উন্নতি। ৰাজনীতিবিদসকলে সাবধানে চলক। বিদ্যাত খুব বেয়া নহ’ব। শাৰীৰিক অশান্তি সামান্য থাকিব। প্রেম- প্রীতিত বেছি আৱেগিক নহ’ব।

কন্যা: কর্মক্ষেত্রত সহকর্মীৰ সহায় পাব। দাম্পত্যত ভালেই দেখা যায়। আর্থিকত আয়ৰ তুলনাত ব্যয় বেছি হ’ব। সামাজিক ক্ষেত্রত মান-সম্মান বৃদ্ধি পাব। বায়ু মার্গে ভ্ৰমণৰ যোগ। বিদ্যাত শুভ।

তুলা: আর্থিক দিশত আয়-ব্যয় প্রায় সমান। বিদ্যাত যত্ন লোৱাৰ দৰকাৰ। উদ্বিগ্নতাই দেহৰ অশান্তি আনিব পাৰে। প্ৰেমত বন্ধুৰ সহায় পাব। দূৰ ভ্রমণ নকৰিব। নতুন সংবাদত আনন্দ।

বৃশ্চিক: কর্মক্ষেত্রত নেতৃস্থানীয় ব্যক্তিৰ প্ৰেৰণা লাভ। ব্যৱসায়িক যিকোনো চুক্তি সম্পাদনৰ ক্ষেত্ৰত অনুকূল। মাতৃৰ শৰীৰ মধ্যম। আর্থিকত মধ্যম। পঢ়া-শুনাত অৱজ্ঞা নকৰিব।

ধনুঃ শৰীৰ বৰ উন্নত নাযাব পাৰে। আর্থিকত খৰচ বৃদ্ধি পাব। বিদ্যাত যত্ন লোৱাৰ আৱশ্যক। ব্যৱসায়ত কোনো আৱেগক স্থান নিদিব। দাম্পত্যত চিন্তা থাকিব।

মকৰ: অনুকূল দিন। কর্মতৎপৰতা থাকিব। ভাবিগুণি আগবঢ়াক। শুভ হ’ব। আর্থিক অগ্রগতিত বাধা নাপাব। শৰীৰ মধ্যম। বিবাহৰ কথাত আগবাঢ়িব পাৰে।

কুম্ভ: আর্থিক উন্নতিৰ যোগ সামান্য। খোৱা-বোৱাত সাৱধান থাকিব। ব্যৱসায়ত আয় বৃদ্ধিত বাধাপ্রাপ্ত হ’ব পাৰে। মাতৃৰ ভালেই। সন্তানৰ বাবে দুশ্চিন্তা থাকিব।

মীন: বিদ্যাত শুভ। অতিপাত পৰিশ্ৰম নকৰিব। ঘৰুৱাত খুব বেয়া নহ’ব প্রাপ্য ধন আদায়ৰ সুযোগ পাব। প্রেম প্রণয়ত বেয়া নহ’ব। ৰাজনীতিত সতর্ক হৈ চলক।

Exit mobile version