Lakhimpur Baginadi Accident:লখিমপুৰৰ বগীনদীত দুর্ঘটনাত পতিত সেনাৰ

বোমা-বাৰুদ কঢ়িয়াই আনিছিল গাড়ীখনে, দুৰ্ঘটনাগ্ৰস্ত বাহনৰ পৰা সিচৰিত হৈ পৰে বোমা-বাৰুদ, দুর্ঘটনাস্থলীত উপস্থিত বগীনদী আৰক্ষীয়ে নিৰাপদ স্থানলৈ আনে সামগ্রীখিনি

lakhimpur accident

Lakhimpur Baginadi Accident:

লখিমপুৰৰ বগীনদীত পুৱাতেই সংঘটিত হয় এক পথ দুৰ্ঘটনা ৷ দুর্ঘটনাত পতিত হয় সেনাৰ এখন গাড়ী |নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰতে বাগৰি পৰে গাড়ীখন। গাড়ী খনত আছিল সেনাৰ বোমা-বাৰুদ ৷ দুৰ্ঘটনাৰ ফলস্বৰূপে পথত সিচৰিত হৈ পৰে বোমা-বাৰুদ

অৱশ্যে দুর্ঘটনাস্থলীত তাৎক্ষণিকভাৱে বগীনদী আৰক্ষী উপস্থিত হৈ নিৰাপদ স্থানলৈ আনে সামগ্রীখিনি। লগতে দুৰ্ঘটনাগ্ৰস্ত গাড়ী খন ঘেৰাও কৰি ৰাখে আৰক্ষীয়ে ৷ আনহাতে, দুৰ্ঘটনাৰ সম্ভেদ লাভ কৰি সেনাৰ সশস্ত্ৰ দল এটাও উপস্থিত হয় দুর্ঘটনাস্থলীত ৷

Exit mobile version