AaP Assam President PressRelease:অত্যধিক তাপমাত্ৰা বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত আপৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীৰ আহ্বান

bhaben chowdhari

AaP Assam President Press Release:

ৰাজ্যত উষ্ণতা ৪০ ডিগ্ৰী চেলচিয়াছলৈকে বৃদ্ধি পাইছে। সাধাৰণ উষ্ণতাক অতিক্ৰম কৰি জনজীৱনত প্ৰভাৱ পেলাইছে। আৰু কিছু মাত্ৰা বৃদ্ধি হলেই “হিটৱেভ” ৰ কৱলত পৰিব ৰাজ্য। এনে বৰ্ধিত গৰমত”হিটষ্ট্ৰোক” ত বহু লোক আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে। সেয়ে স্বাস্থ্যৰ যত্ন লোৱাটো অতিকৈ দৰকাৰ । ৰাজ্যত তাপমাত্ৰা অস্বাভাৱিক বৃদ্ধিৰ প্ৰসংগত আম আদমী পাৰ্টিৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে ৰাজ্যবাসীক এইদৰে সতৰ্ক কৰি দিয়ে।

বৃত্তিগতভাৱে এগৰাকী বিশিষ্ট চিকিৎসক ডাঃ চৌধুৰীয়ে এই ক্ষেত্ৰত জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ বাবে পৰামৰ্শ আগবঢ়াই কয়,  গৰমৰ দিনত বহু সমস্যাই আমাৰ শৰীৰত দেখা দিবলৈ ধৰে। গৰমৰ বাবে দেখা দিয়া সমস্যাৰ বাবে সাধাৰণতে চিকিৎসকৰ ওচৰত যাবলগীয়া নহয় যদিহে আপুনি “হিটষ্ট্ৰোক” ৰ সন্মুখীন নহয়। সেয়ে গৰমৰ বাবে হ’ব পৰা অপকাৰ বা সমস্যাৰ বাবে প্ৰাথমিক পৰ্যায়ত আপুনি ঘৰুৱা ভাৱে কিছু ব্যৱস্থা ল’ব পাৰে। বতৰৰ পৰিৱৰ্তনৰ লগে লগে উষ্ণতা সাল সলনি হৈ থাকে আৰু সেই পৰিৱৰ্তিত উষ্ণতাৰ সৈতে শৰীৰে মিলাই থাকিব লগা হোৱাৰ বাবে immune system ত প্ৰভাৱ পৰে আৰু immune system ত প্ৰভাৱ পৰাৰ বাবেই সৰু সৰু বেমাৰ কিছুমানেও আক্ৰমণ কৰাৰ সুবিধা পায়।

সেয়ে গৰমৰ বতৰত শৰীৰটোক পৰিবেশৰ সৈতে মিলাই ৰাখিবলৈ কিছুমান বিশেষ কাম কৰিব লাগে। খোৱা খাদ্য, চলা – ফুৰা আদিৰ ক্ষেত্ৰত সজাগ হ’ব লাগে। সাধাৰণতে গা জ্বলা পোৰা কৰা, গা বিষ, পিঠিৰ অশান্তি, অতি বেছি ঘাম ওলোৱা, খাবলৈ মন নোহোৱা হয়, ভাগৰ ভাগৰ অনুভৱ হয়, শৰীৰ ডিহাইদ্ৰেট হয়, মুখত গুটি ওলাই, জিভাত গুটি ওলাই বা mouth ulcer হোৱা দেখা যায়।  আপ অসমৰ সভাপতি ডাঃ ভবেন চৌধুৰীৰ পৰামৰ্শ,” এনে পৰিস্থিতিত (১) আপুনি এটা পানীৰ পাত্ৰত ভৰি দুখন কলাফুল ডুব যোৱাকৈ ডুবাই থ’ব পাৰে। পানীত ভৰি থোৱাৰ আগত ভৰি তলুৱা খন আপুনি মিঠা তেলেৰে মালিছ কৰি ল’ব পাৰে। এনে কৰিলে তেজ সঠিক ৰূপত তেজ চলাচল হোৱাৰ লগতে দেহ শাত পৰি থকাত সহায় কৰে।

(২)আপুনি চন্দনৰ প্ৰলেপ দেহত লগাব পাৰে। এনে কৰিলে নাৰ্ভৰ চিষ্টেম সক্ৰিয় হ’ব, মস্তিষ্ক ঠাণ্ডা হৈ থাকিব, শৰীৰ ঠাণ্ডা হৈ থাকিব।
(৩) শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণ কৰিব পৰা বিশেষ শৰীৰ চৰ্চা পদ্ধতি বা যোগাসন শিকি ল’ব পাৰে বিশেষজ্ঞৰ পৰা।

(৪) সাধাৰণতে আমাৰ এটা ভুল ধাৰণা আছে যে গৰমত দেহ ঠাণ্ডা কৰিবলৈ ঠাণ্ডা ফ্ৰিজৰ পানী খাব লাগে। কিন্তু অতি বেছি ঠাণ্ডা পানী ক্ষতিকাৰক। অতি বেছি ঠাণ্ডা পানী খালে শৰীৰৰ ভিতৰত উষ্ণতা বাঢ়ি যায়, আৰু উষ্ণতা নিয়ন্ত্ৰণ ক্ষেত্ৰত খেলিমেলি হৈ ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যায়। সেয়ে ফ্ৰীজৰ পানীৰ ঠাইত কলহত থোৱা পানী, বা normal পানী বা অলপ কুহুমীয়া পানী উত্তম।

(৫) পৰ্যাপ্ত পৰিমাণৰ পানী খাব লাগে। শৰীৰত দৰকাৰ হোৱা অনুযায়ী ফলৰ ৰস খাব লাগে। কিন্তু দোকানত বিক্ৰী হোৱা পেকেজিং juice ৰ পেকেট খাব নালাগে। ঘৰত অনা ফল juice কৰি খাব লাগে। কাৰণ পেকেজিঙত অহা juice ত বহু বেছি sugar থাকে। যিয়ে তাৎক্ষণিক শক্তি দিলেও পিছলৈ অপকাৰ কৰা সম্ভাৱনা বেছি।

(৬) গৰমৰ দিনত পাচন তন্ত্ৰ কিছু দুৰ্বল হৈ পৰে। সেয়ে অতি বেছি মচলা যুক্ত খাদ্য এৰি চলিব লাগে। ঠাণ্ডা দিনত যিমান গধূৰ বস্তু খাইছিল তাতকৈ গৰমৰ দিনত গধূৰ আৰু গৰম খাদ্যৰ পৰিমাণ কিছু কমাব লাগে। যেনে ধৰক মাছ মাংসৰ পৰিমাণ কমাই শাক -পাচলিৰ পৰিমাণ বঢ়াব লাগে।

(৭) দৈ বা দৈৰ পানী খাব লাগে। ই শৰীৰ ঠাণ্ডা কৰি ৰখাৰ লগতে পেট ঠাণ্ডা কৰি ৰাখে। ডাবৰ পানী খাব লাগে। ইয়াত ইলেকট্ৰ’লাইট থাকে। শৰীৰত পানীৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে। ই ছ’দিয়াম আৰু পটেছিয়ামৰ বেলেঞ্চটো ঠিক কৰি ৰাখে | টোতমাহৰ পানী আপুনি খাব পাৰে। তিয়হ, তৰমুজ, নেমু পানী খাব পাৰে।

(৮) ঘনে ঘনে কফী, চাহ খোৱা অভ্যাস অলপ কমাই দিয়ক।
(৯) মদ্যপান এৰক।
(১০) দৰকাৰ ন’হলে ঘৰত থাকক। ঘৰৰ পৰা ওলালে ছাতি, হেট, sun screen lotion আদি ব্যৱহাৰ কৰক।

অলপ সাৱধান হৈ আপুনি কাহ, জ্বৰ, ছৰ্দি , গা বিষ আদিৰ পৰা দূৰত থাকিব পাৰে। আপৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে এক প্ৰেছ বিজ্ঞপ্তি যোগে ৰাজ্যবাসীলৈ এই পৰামৰ্শ আগবঢ়াইছে।

Exit mobile version