Horoscope:ৰাশিফল

horoscope new 13

Horoscope:ৰাশিফল

মেষ: আর্থিক দিশত বাধাগ্রস্ত হ’ব। কোনো শুভ কথাত মন আনন্দিত হ’ব। কমলা ৰঙৰ ব্যৱহাৰে আপোনাৰ যাত্রা শুভ। শুভ ৰং কমলা, শুভ সংখ্যা ১১।

বৃষ: দিনটো উন্নত হ’ব। কৰ্মত বাধা আছে। শিৱৰ মন্ত্র জপ কৰিব। পাতল ক্ৰীম ৰঙৰ বস্ত্ৰ পৰিধান কৰিব। যাত্ৰা কৰোতে সাৱধান হ’ব। শুভ ৰং পাতল নীলা, শুভ সংখ্যা ৫।

মিথুন: কোনো বিশেষ কামত সফল হ’ব। শৰীৰৰ প্ৰতি হেলা নকৰিব। সন্ধিয়া ছয় বজাৰ পাছত যাত্রা নকৰিব। আপোনাৰ শুভ ৰং কমলা, শুভ সংখ্যা ৫।

কর্কট: ব্যৱসায় বাণিজ্যত উন্নতি। যোগাযোগত খুব বেয়া নহয়। ৰঙা ৰঙৰ ফুলেৰে পূজা কৰিব আৰু ৰঙা সূতাৰে হাতত পাঁচ পাক দি মেৰিয়াই ল’ব। যাত্রা শুভ হ’ব। শুভ ৰং ৰঙা, শুভ সংখ্যা ২।

সিংহ: সন্তানৰ ওপৰত সতৰ্কতাৰ প্ৰয়োজন। যাত্রা কৰিলে চাই-চিতি কৰিব। পাৰিবাৰিক অশান্তিত ভূগিব। শুভ ৰ সেউজীয়া, শুভ সংখ্যা ১।

কন্যা: শিল্পীসকলে কর্মত সফলতা লাভ কৰিব। দিনৰ ১২ বজাৰ পাছত যাত্রা কৰিলে যাত্রা শুভ হ’ব। হালধীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰিব। শুভ ৰং হালধীয়া, শুভ সংখ্যা ৭।

তুলা: সামাজিক কামত জড়িতসকলে উন্নত পৰিৱেশ পাব। বিদ্যার্থীসকলৰ শুভ। দিনটোত এবাৰ বগা ৰঙৰ বস্ত্ৰ পৰিধান কৰি মন্দিৰত যাব। যাত্রা শুভ হ’ব। শুভ ৰং বগা, শুভ সংখ্যা ৩।

বৃশ্চিক: কোনো কামত সফলতা লাভ কৰিব। আজি আপুনি যাত্ৰা কৰিলে বেঙুনীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰিব। যাত্ৰাৰ বাবে দিনটো শুভ। শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ৮।

ধনুঃ ব্যৱসায়ত অনুকূল প্ৰভাৱ পৰিব। পাৰিবাৰিক ক্ষেত্ৰটো দিনটো শুভ। যাত্ৰাত মেৰুণ ৰং ব্যৱহাৰ কৰিব। বিদ্যাত শুভ। শুভ ৰং মেৰুণ, শুভ সংখ্যা ১।

মকৰ: কৰ্মক্ষেত্ৰত উচ্চপদস্থ বিষয়াৰ স’তে মতবিৰোধ। প্ৰেমত আনন্দ। পৰাপক্ষত যাত্রা নকৰাই ভাল। শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৪।

কুম্ভ: বন্ধুবৰ্গৰ লগত সু-সম্পর্ক স্থাপন। ব্যৱসায়ত আয় বৃদ্ধিৰ কাৰকতা। ৰঙা ৰঙৰ ৰুমাল ব্যৱহাৰ কৰিব। পুৱাৰ ভাগত কৰা যাত্রা শুভ হ’ব। শুভ ৰং ৰঙা, শুভ সংখ্যা ৮।

মীন: কৰ্মত কঠোৰ পৰিশ্ৰমৰ অন্তত লাভৰ মুখ দেখা পাব। দাম্পত্যত মতবিৰোধ হ’ব পাৰে। যাত্রা কৰিলে পাতল হালধীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰি ল’ব। শুভ ৰং হালধীয়া, শুভ সংখ্যা ৯।

Exit mobile version