Cachar:বৰষুণত কাছাৰ জিলাত জীৱন যাত্ৰা ব্যাহত: বুধবাৰে শিক্ষা প্ৰতিষ্ঠান বন্ধ ঘোষনা

cachar
Cachar:

ৰেমালৰ প্ৰভাৱত মঙ্গলবাৰে কাছাৰ জিলাত তেনে দৰে ঘূৰ্ণিবতাহ নহ’লেও পুৱাৰে পৰা ক্ৰমাগতভাৱে মজলীয়াৰ পৰা পাতল বৰষুন হয়। কম পৰিমাণৰ ঘূৰ্ণিবতাহে কেবাখনো ঠাইত গছ- গছনি উঘালি পৰে। বহু ঠাইত বিদ্যুৎ সংযোগ বিচ্ছিন্ন হয়।

আনহাতে নেৰানেপেৰা বৰষুণৰ ফলত শিলচৰৰ ৰাষ্ট্ৰীয় ঘাইপথ ধৰি চহৰ খনৰ কেবাটাও অঞ্চল জলমগ্ন হৈ কৃত্ৰিম বানপানীৰ সৃষ্টি হয়। অৱশ্যে সন্ধিয়াৰ পাছত বৰষুণ শাম কাটে ৷

ইফালে ৰাজ্য খনৰ নগাঁও ,কাৰ্বি আংলং, হোজাই, পশ্চিম কাৰ্বি আংলং, গোলাঘাট, ডিমা হাছাও, কাছাৰ , কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাত ৰেমালৰ বাবে ৰেড এলাৰ্ট জাৰী কৰাত  মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই এই জিলা কেইখনত বুধবাৰে শিক্ষা প্ৰতিষ্ঠানবোৰ বন্ধ ৰখাৰ নিৰ্দেশ দিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত শিলচৰৰ অসম বিশ্ববিদ্যালয়কে ধৰি কাছাৰ জিলাত সকলো শিক্ষা প্ৰতিষ্ঠান ২৮ মে ‘ত বন্ধ ৰখাৰ জাননী দিয়া হৈছে।

হাফলংৰ পৰা পোৱা খবৰ অনুসৰি ডিমা হাছাওৰ জিলা আয়ুক্ত সীমান্ত কুমাৰ দাসে এক জাননী যোগে বৰাক উপত্যকালৈ অহা যোৱা কৰা জাটিঙগা – হাৰাঙাগাজাও পথ চোৱাত গধূৰ বানিজ্যিক যানবাহনৰ চলাচল অহা পহিলা জুনলৈ বন্ধ থকাৰ কথা ঘোষণা কৰে ৷

Exit mobile version