Only Three Applications for Citizenship in The State:নাগৰিকত্ব বিচাৰি ৰাজ্যত মাত্ৰ তিনিখন আবেদন

শিলচৰৰ এজন আৰু কৰিমগঞ্জৰ দুজন লোকৰ ভাৰতীয় নাগৰিকত্ব বিচাৰি নথি-পত্র দাখিল

caa iii

Only Three Applications for Citizenship in The State:

বিভিন্ন পক্ষৰ বিৰোধিতাক নস্যাৎ কৰি কেন্দ্ৰীয় চৰকাৰে সংশোধিত নাগৰিকত্ব আইন (চিএএ) কাৰ্যকৰী কৰিলে যদিও অসমৰ ক্ষেত্ৰত আবেদনকাৰীৰ সংখ্যা এই পর্যন্ত মাত্র তিনিজনতে সীমাবদ্ধ আছে। যোৱা ১১ মার্চতে এই আইন কার্যকৰী কৰা হয় যদিও অসমত আবেদনকাৰীৰ সংখ্যা কম হৈ থকাৰ মূলতে হ’ল নথিপত্ৰক লৈ হোৱা জটিলতা।

অথচ চৰকাৰে বৰাক উপত্যকাক মুখ্য কৰি ৰাজ্যখনৰ বিভিন্ন জিলাত সিঁচৰতি হৈ থকা নাগৰিকত্বহীন হিন্দু-বাঙালী লোকক লক্ষ্য কৰি এই আইনখনক প্ৰক্ষেপ কৰিছিল। আইনখন মতে বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা ধৰ্মীয় নির্যাতনৰ বলি হৈ ২০১৪ৰ ৩১ মার্চ পর্যন্ত ভাৰতত আশ্রয় গ্রহণ কৰা লোকসকলে ভাৰতৰ নাগৰিকত্ব লাভ কৰিব। অসমত পাকিস্তান আৰু আফগানিস্তানৰ পৰা অহা লোক নাই। বাংলাদেশৰ পৰা অহা হিন্দু-বাঙালী লোকহে আছে।

তৎসত্ত্বেও এনে লোকে আবেদন কৰিবলৈ সক্ষম হোৱা নাই। আইনখন কার্যকৰী হোৱাৰ পাছত শিলচৰৰ এজন লোকে আবেদন দাখিল কৰে। শেহতীয়াকৈ কৰিমগঞ্জৰ নমঃশূদ্র সম্প্ৰদায়ৰ দুজন লোকে আবেদন দাখিল কৰে। শিলচৰৰ দাস উপাধিৰ লোকজনে তেওঁলোক বাংলাদেশত থকাৰ প্ৰমাণ হিচাপে মাটিৰ নথি আবেদনৰ লগত সংলগ্ন কৰে। কৰিমগঞ্জৰ আবেদনকাৰীদ্বয়ৰ মাটিৰ নথি নাই।

তেওঁ লোকে অন্য কেতবোৰ নথিহে দাখিল কৰে। যি সময়ত হিন্দু-বাঙালীক নাগৰিকত্ব প্ৰদানৰ প্রলোভনৰে চৰকাৰে নিৰ্বাচনত নিজৰ সপক্ষে ঢৌৰ সৃষ্টি কৰিব বিচাৰিছিল তাৰ বিপৰীতে অসমত আবেদনকাৰীৰ সংখ্যা দুমাহ উকলি যোৱা সত্ত্বেও মাত্র তিনিখনতে সীমাবদ্ধ থকা বিষয়টো ৰাজ্য চৰকাৰৰ গৃহ বিভাগে গুৰুত্ব সহকাৰে লৈছে ৷

এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে কেন্দ্ৰক নিজৰ মতামতো ইতিমধ্যে অৱগত কৰা বুলি সূত্ৰত প্ৰকাশ। চৰকাৰৰ সূত্রই ‘দৈনিক অগ্রদূত’ক সদৰী কৰে যে পাকিস্তান অথবা আফগানিস্তানৰ পৰা অহা হিন্দু, শিখ, বৌদ্ধ, খ্ৰীষ্টান, জৈন আৰু পাৰ্চী সম্প্ৰদায়ৰ লোকসকলৰ বেছিভাগৰে হাতত দীর্ঘম্যাদী ভিছা অথবা ভ্রমণৰ নথি আছে। তেওঁলোকে সেই দেশ দুখনত নিৰ্যাতনৰ বলি হৈ ভিছা অথবা ভ্ৰমণৰ নথি লৈ ভাৰতত প্ৰৱেশ কৰিছিল।

তাৰ পাছত আৰু উভতি নগ’ল। গতিকে তেওঁলোক পাকিস্তান অথবা আফগানিস্তানত যে এটা সময়ত বাস কৰিছিল সেয়াই স্পষ্ট প্রমাণ। ইয়াৰ সম্পূর্ণ ব্যতিক্রম হ’ল বাংলাদেশৰ পৰা অহা লোকসকল। চৰকাৰে ধাৰণা কৰা অনুসৰি বাংলাদেশৰ পৰা অহা কম সংখ্যক লোকৰ হাততহে ভিছা অথবা ভ্ৰমণৰ নথি আছে। অন্য নথি তেওঁলোকৰ হাতত নাই।

বেছিভাগে বাংলাদেশৰ পৰা পলায়ন কৰি অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰি থাকিবলৈ লৈছিল। গতিকে তেওঁলোকৰ হাতত বাংলাদেশত এটা সময়ত বাস কৰাৰ নথি নাই। ফলত অসমত আবেদনকাৰীৰ সংখ্যাও নগণ্য পর্যায়তে আছে। পশ্চিমবংগতো কিছুসংখ্যক লোকৰ ক্ষেত্ৰত হৈছে বুলি সূত্রত প্রকাশ। অসমত সৃষ্টি হোৱা এই জটিলতাৰ বিষয়ে ইতিমধ্যে উচ্চস্তৰত ৰাজ্যৰ গৃহ বিভাগৰ পৰা অৱগত কৰা হৈছে ৷

Exit mobile version