Ambubachi Mela : কামাখ্যা দেৱালয়ত অম্বুবাচীৰ পূৰ্ণ প্ৰস্তুতি

২২ জুনৰ পৰা কামাখ্যা মন্দিৰত আৰম্ভ হ’ব মহা অম্বুবাচী মেলা, তিনিদিনৰ বাবে বন্ধ থাকিব মন্দিৰৰ মূল দুৱাৰ

kamakhya
Ambubachi Mela :

অম্বুবাচী মেলাৰ পূৰ্ণ প্ৰস্ততি নীলাচলৰ বুকুত ৷ অহা ২২ জুনৰ পৰা কামাখ্যা দেৱালয়ত আৰম্ভ হ’ব মহা অম্বুবাচী মেলা। কে’বা লক্ষাধিক ভক্তৰ উপস্থিতিত প্ৰাণ পাই উঠিব মন্দিৰ চৌহদ ৷

আনহাতে,অম্বুবাচী উপলক্ষে তিনিদিনৰ বাবে বন্ধ থাকিব মন্দিৰৰ মূল দুৱাৰ । অম্বুবাচীৰ প্ৰবৃত্তি ২২ জুনৰ পুৱা ৮ বাজি ৪৩ মিনিট ৩৯ ছেকেণ্ডত আৰম্ভ হোৱাৰ বিপৰীতে নিবৃত্তি হ’ব ২৬ জুনত।

বিগত বৰ্ষবোৰৰ দৰে এইবাৰো অম্বুবাচী মেলাত কে’বা লক্ষাধিক ভক্তৰ সমাগমৰ আশা কৰিছে কামাখ্যা দেৱালয় সমিতিয়ে ৷

Exit mobile version