Horoscope:ৰাশিফল

horoscope new 13

Horoscope:ৰাশিফল

মেষ: ঘৰুৱা উন্নতিৰ চেষ্টাত বাধা কম। সৰু-সুৰা বিৰোধী কথাত বেছি মন নিদিলে কর্মক্ষেত্রতো শুভ ফল। বহুদিন ভাবি থকা সুযোগৰ আশা সমাগত যেন লাগিব। দাম্পত্যত শুভ। শুভ ৰং ক্রীম, শুভ সংখ্যা ২।

বৃষ: আর্থিক উন্নতিৰ ক্ষেত্ৰত যিকোনো চেষ্টাত কিবা নহয় কিবা বাধা অনুভব কৰিব। ঘৰুৱা দিশত অৱশ্যে দুশ্চিন্তা। বাটে-পথে ফুৰোতে সতর্ক হওক। বিদ্যাত মধ্যম। শৰীৰৰ দুৰ্বলতা। শুভ ৰং বগা, শুভ সংখ্যা ৪।

মিথুন: কর্তব্যত আপোনাৰ যোগ্যতা থাকিব। কোনোৱে বাস্তৱ ক্ষেত্রত খোজ পেলাই উপকৃত হ’ব। সৰু-সুৰা কথাত মানসিক কিছু প্ৰভাৱ পেলাব। বন্ধুৰ সহায়। আর্থিক প্ৰাপ্তিৰ আশা। শুভ ৰং কমলা, শুভ সংখ্যা ৩।

কর্কট: পূর্বদিনৰ তুলনাত আজি বহুলাংশে যোগাযোগাদিত উন্নত। শৰীৰো ভালে যোৱাৰ কাৰক। অৱশ্যে আপোনাৰ হুৰমুৰীয়া স্বভাৱৰ দোষত শাৰীৰিকত কিছু আহুকালৰ কাৰক। বিদ্যাত মধ্যম। ভ্রমণ নকৰাই ভাল। শুভ ৰং পাতল নীলা, শুভ সংখ্যা ৫ ৷

সিংহ: কোনো আকস্মিক বাধা বা ক্লেশে লগ ধৰিব পাৰে। সহজতে যি কৰো বুলি থিৰাং কৰিছিল তাক সম্পূৰ্ণ কৰাত বাধা পাব। বাকী দিশত মজলীয়া ফল। দাম্পত্যত নতুন চিন্তা অৱশ্যে থাকিব। শুভ ৰং হালধীয়া, শুভ সংখ্যা ৮।

কন্যা: কর্মক্ষেত্রত আপোনাৰ ভাৱমূর্তি প্রায় ঠিক থাকিব যদিও কোনো কাৰণে চিন্তাৰ কাৰণ হ’ব। শতভিষাৰ জাতকৰ কোনো উন্নত যোগাযোগৰ পৰা লাভ। বিদ্যাত বেয়া নহ’ব। ভ্রমণাদিত মধ্যম। শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৭।

তুলা: কোনোৱে প্ৰৱঞ্চকৰ কবলত পৰাৰ কাৰক। সাৱধান হ’লে ভয় কম বিদ্যাত যত্নৰ ফল লাভ। সাধাৰণ শৰীৰৰ আহুকাল অলপ। দাম্পত্যত ভালেই। কর্মাদিত উৎসাহ। ভ্রমণাদিত অমনোযোগী নহ’ব। শুভ ৰং ক’লা, শুভ সংখ্যা ৫।

বৃশ্চিকঃ ক্রমে দিনটো বাঢ়ি অহাৰ লগে লগে মনটো গধুৰ হ’ব পাৰে। হ’বলগীয়া কামত অনগ্ৰসৰ হোৱাৰ যোগ। মুঠতে কিছু অসুবিধাৰ কাৰক। পূৰ্বষান্তাৰ জাতক-জাতিকাই সাৱধান থাকিলে ভাল। শুভ ৰং নীলা, শুভ সংখ্যা-১১।

ধনু: উন্নত দিনৰ অনুমান। যোগাযোগত খুব বেয়া নহ’ব। ভবা কথাৰ লগত সাদৃশ্য কম যদিও প্রতিকূল নহ’ব। অনুৰাধা নক্ষত্ৰৰ মানসিক শান্তি। বিদ্যাত বাধা কম। শিক্ষক বুদ্ধিজীৱিৰ সুখ। শুভ ৰং ক্রীম, শুভ সংখ্যা ৯।
মকৰ: ভঙা-পতা কৰি ভাল পাব। পুৰণি পৰিৱেশৰ সলনিৰ প্ৰতি মন কৰিব পাৰে। ভ্ৰমণত সষ্টম হওক। কিন্তু কোনো প্রিয় বন্ধু-বান্ধৱীৰ সংগত সুখ লাভ ৷ যিসকল যোগ্যৱান সুনাম। শুভ ৰং বগা, শুভ সংখ্যা ৬।

কুম্ভ: কক্ষ চিন্তা। অত্যধিক খৰচ হ’লেও আয়ত্ত থাকিব। পঢ়া-শুনাত মনোযোগ লাগিব। দুষ্টৰ সংগই বিপদ আনিব পাৰে। লোহা লক্ক ইস্পাত কাঠ, কয়লা ব্যৱসায়ত লাভ। পদমর্যাদা লাভ। শুভ ৰং হালধীয়া, শুভ সংখ্যা ২।

মীন: আর্থিক যোগাযোগত কিছুদিন উপকৃত তথা খৰচ। মতান্তৰ হ’ব লগা কথাত মন নিদিব। শৰীৰ মধ্যম। সুৰ-সুৰা সংবাদকে গুৰুতৰ বুলি নল’ব। ভ্রমণত সাৱধান। নতুন সম্পদ ক্রয়। শুভ ৰং ক’লা, শুভ সংখ্যা ১।

Exit mobile version