Robbery Took Place at an E-Corner ATM:এছ বি আইৰ ই- কৰ্ণাৰ এটিএমত ভৰাবলৈ অনা চাৰি কোটি টকা লুট হিটাচি(HITACHI )ৰ প্ৰবন্ধকৰ

দিছপুৰ আৰক্ষীৰ অভিযানত আটক হিটাচি(HITACHI )ৰ প্ৰবন্ধক অজয় বিশ্বকৰ্মা

atm theft

Robbery Took Place at an E-Corner ATM:

লোভেই পাপ,পাপেই মৃত্যু ৷এই আপ্তবাক্যশাৰী প্ৰযোজ্য হ’ল এটা কোম্পানীৰ প্ৰৱন্ধকৰ ক্ষেত্ৰত ৷ হিটাচি(HITACHI)কোম্পানীৰ টকা এছবিআই ই- কৰ্ণাৰ এটিএমত ভৰাবলৈ অনা চাৰি কোটি টকা অতি কৌশলৰে সৰকাই উধাও হৈছিল অজয় বিশ্বকৰ্মা নামৰ প্ৰৱন্ধকজন ৷ কিন্ত অৱশেষত পৰে দিছপুৰ আৰক্ষীৰ জালত।

উল্লেখ্য যে,হিটাচি(HITACHI)কোম্পানীৰ প্ৰৱন্ধক হিচাপে কৰ্মৰত হৈ থকা অজয় বিশ্বকৰ্মাই আন সহযোগী কৰ্মচাৰীৰ স’তে ই- কৰ্ণাৰ এটিএমত চাৰি কোটি টকা ভৰাবলৈ বুলি আহি পিছত সমুদাই টকা লৈ আত্মগোপন কৰে ৷

পিছত হিটাচি(HITACHI)কোম্পানীৰ উৰ্ধতম কৰ্তৃপক্ষই দিছপুৰ থানাত ধন হৰলুকি সন্দৰ্ভত দাখিল কৰে এজাহাৰ ৷ এই এজাহাৰৰ ভিত্তিত বুধবাৰে বিশেষ খবৰৰ আঁত ধৰি দিছপুৰ আৰক্ষীয়ে নাৰেংগীৰ বীৰকুছিৰ পৰা আটক কৰে অজয় বিশ্বকৰ্মা নামৰ ধুৰন্ধৰ প্ৰৱন্ধকজনক। আৰক্ষীৰ তদন্তত অজয় বিশ্বকৰ্মাৰ স’তে তেওঁৰ কে’বাজনো সহযোগী কৰ্মচাৰী জড়িত থকাৰ সন্দেহ কৰা হৈছে ৷

Exit mobile version