Vladimir Putin:ৰাছিয়াত আক্ৰমণৰ অনুমতি দিলে পৰিণতি হ’ব বিষম: পুটিনৰ হুংকাৰ

putin99

Vladimir Putin:

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমীৰ পুটিনে হুংকাৰ দি ক’লে যে পশ্চিমৰ দেশসমূহে যদি ইউক্রেইনক ৰাছিয়াত আক্রমণ চলাবলৈ অস্ত্ৰৰ যোগান ধৰে, তেন্তে ইয়াৰ বিষম পৰিণতি ভুগিবলৈ সাজু থাকিব লাগিব। অলপতে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰুৱে কৈছিল যে কীভক এইসকলো ৰুছ সামৰিক ঘাটি নিষ্ক্রিয় কৰাৰ অনুমতি দিয়া উচিত, য’ৰ পৰা ক্রেমলিন সেনাই ইউক্রেইনক ক্ষেপণাস্ত্ৰৰে আক্ৰমণ চলাই আহিছে

ফ্ৰান্সৰ ৰাষ্ট্ৰপতি এই মন্তব্যৰ পাছত প্রতিক্রিয়া প্রকাশ কৰি পুটিনে কয় যে পশ্চিমৰ দেশে ইউক্রেইনক অস্ত্র-শস্ত্ৰৰে সহায় কৰা অব্যাহত ৰাখিলে ৰাছিয়াই বিহিত ব্যৱস্থা ল’বলৈ বাধ্য হ’ব।

উজবেকিস্তান ভ্রমণ কালত পুটিনে কয় যে পশ্চিমৰ দেশৰ এনে ভূমিকাই ক্রমাগত উত্তেজনা বৃদ্ধি কৰাৰ পৰিণতি অতি মাৰাত্মক হ’ব পাৰে। পুটিনে লগতে কয় যে ইউৰোপৰ বহু দেশ অতি ক্ষুদ্ৰ আৰু ঘন জনবসতিপূর্ণ আৰু সেয়েহে ৰাছিয়াৰ ভূখণ্ডত আঘাত হনাৰ পূৰ্বে এই কথা সেইসমূহ দেশে মনত ৰখা উচিত।

Exit mobile version