Horoscope:ৰাশিফল

horoscope new 13

Horoscope:ৰাশিফল

মেষ: অচিনাকি ব্যক্তিৰ লগত মিলামিচা নকৰিব, ক্ষতিৰ আশংকা আছে। খং দমাই ৰাখক। ঘৰুৱা কন্দলৰ বাবে সমস্যাত পৰিব পাৰে। হাতলৈ টকা-পইচা আহিব। প্ৰতিকাৰ বেল গছৰ তলত ধূপ চাকি জুলাই শিবৰ ধ্যান কৰিব।

বৃষ: মাটি-বাৰীৰ সীমাজনিত সমস্যা হ’ব পাৰে। আজি যুটীয়া ব্যৱসায় আৰম্ভ নকৰিব। স্বাস্থ্যৰ প্ৰতি যত্ন ল’ব।

মিথুন: দুৰ্ঘটনাৰ সম্ভাৱনা দেখা যায়। টকা পইচা লেনদেন কৰোতে সাৱধান হ’ব। চাকৰিয়ালৰ পদোন্নতিৰ যোগ আছে।

কর্কট: চাকৰি কৰা জাতকে ধৈৰ্যৰে সকলো কাম কৰিব অন্যথা ক্ষতি হ’ব। সন্তানৰ ভৱিষ্যতৰ কাৰণে কোনো কাম আজি আৰম্ভ হ’ব। ঋণমুক্ত হ’ব পাৰে।

সিংহ: ঘৰৰ মূল ব্যক্তি অসুস্থ হ’ব পাৰে। আনক উপকাৰ কৰি সন্মান লাভ কৰিব। পুত্ৰই কৰা ভাল কামে গৌৰৱ বঢ়াব। চাকৰিয়ালৰ কৰ্মত বাধা আছে।

কন্যা: ব্যৱসায়ীসকলৰ ধনাগমনৰ যোগ। শত্ৰুৰ দ্বাৰা ক্ষতি হোৱাৰ ভয়। টকা-পইচা সংক্রান্তীয় সমস্যা আহিব পাৰে। সন্তানৰ শুভ।

তুলা: অচিনাকি ব্যক্তিয়ে সমস্যাত পেলাব পাৰে। সন্তানৰ ভুলে অর্থ হানি কৰিব। কর্মসংস্থাপন হ’ব। পাৰিবাৰিক সমস্যাই অসুবিধাত পেলাব।

বৃশ্চিক: শুভ কাম আজি আৰম্ভ কৰক ভাল ফল পাব। আনৰ সহায়েৰে উপকৃত হ’ব। চাকৰিৰ খবৰ পাব পাৰে। অলপ সাৱধানে চলা-ফুৰা কৰিব। আঘাত পোৱাৰ সম্ভাৱনা।

ধনুঃ বিবাহ সংক্রান্তীয় আলোচনাৰ আজি সুফল লাভ কৰিব। ব্যৱসায়ীৰ নতুন ব্যৱসায়ৰ পথ ওলাব। পিছলি পৰি হাত ভৰিত আঘাত পাব। পাবে।

মকৰ: কৰিম বুলি ভবা কাম আজি আৰম্ভ কৰক। ব্যৱসায়ত লাভ কৰিব পাৰিব। বন্ধু বিচ্ছেদ হোৱাৰ সম্ভাৱনা আছে। ভাল কাম কৰি থোৱাব ফল আজি লাভ কৰিব পাৰে।

কুম্ভ: আজি কোনো নতুন কামত হাত নিদিব। পুৰণি ৰোগত ভোগাসকলৰ স্বাস্থ্যৰ অৱনতি হোৱাৰ আশংকা আছে। চাকৰিব স্থান পৰিৱৰ্তন হ’ব পাৰে।

মীন: ব্যৱসায়ীৰ অৰ্থ লাভৰ যোগ দেখা যায়। সন্তানৰ পৰা সুখ লাভ কৰিব। সমস্যা বাঢ়িব। আত্মীয়ৰ পৰা ক্ষতি হ’ব পাৰে। শিক্ষার্থীৰ শুভ ফল প্রাপ্তিৰ যোগ।

Exit mobile version