Golaghat:গোলাঘাট উৰিয়ামঘাটত অঘটন !

বিষাক্ত কাঠফুলা ভক্ষণ কৰি অসুস্থ দুটাকৈ পৰিয়াল, সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি দুই পৰিয়ালৰ আঠজনকৈ লোকক

masrum 1

Golaghat:

গোলাঘাট উৰিয়ামঘাটত অঘটন ৷ বিষাক্ত কাঠফুলা ভক্ষণ কৰি অসুস্থ দুটাকৈ পৰিয়াল৷ ইতিমধ্যে সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি দুই পৰিয়ালৰ মহিলা সহ আঠজনকৈ লোকক ৷

প্ৰাপ্ত খবৰ অনুসৰি,উৰিয়ামঘাটৰ বাগানবাৰী আৰু জুৰদংলৰ দুটা পৰিয়ালৰ লোকে তেওঁলোকৰ বাৰীৰ পৰা বুটলি অনা কাঠফুলা যোৱা নিশা আহাৰৰ স’তে খোৱাৰ পাছতে আটাই সকল অসুস্থ হৈ পৰে।

বিষাক্ত কাঠফুলা খাই অসুস্থ হৈ পৰা মহিলা সহ আঠজনক নিশাই উৰিয়ামঘাট চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও অৱস্থা অতি সংকটজনক হোৱাত গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷ আনহাতে ইয়াৰে এজনক উন্নত চিকিৎসাৰ বাবে যোৰহাট মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয়।

চিকিৎসাধীন হৈ থকা পৰিয়াল দুটাৰ লোকসকল হ’ল বাগানবাৰীৰ ক্ৰমে হিৰা মন গঢ়, মহেশ্বৰ গঢ়, দিলমন গঢ়, লকেশ্বৰী গঢ় আৰু জুৰদংলৰ সীতা খাকলাৰী, মনিষা খাকলাৰী,ববিতা খাকলাৰী আৰু চম্পা খাকলাৰী ৷

Exit mobile version