Lamding-Silchar Hill Line Train Services Suspended Indefinitely:লামডিং-শিলচৰ পাৰ্বত্য লাইনত অনিদিষ্টকাললৈ বন্ধ ৰে’ল চলাচল

lamding

Lamding-Silchar Hill Line Train Services Suspended Indefinitely:

ঘূৰ্ণিবতাহ ৰেমল প্ৰভাৱত যোৱা দুদিন ধৰি অব্যাহত থকা বতাহ আৰু মুষলধাৰ বৰষুণৰ ফলস্বৰূপেএন এফ ৰে’লৱে লামডিং-শিলচৰ পাহাৰ লাইনত ৰে’ল চলাচল বন্ধ কৰিছে অনিদিষ্টকাললৈ

লামডিঙৰ পৰা আগৰতলা অভিমুখী বহু কেইখন ট্ৰেইন ইতিমধ্যে কৰা হৈছে বাতিল ৷ একেদৰে 15625 দেউঘৰ আগৰতলা এক্সপ্ৰেছ ,13175 শিয়াল দাহ-আগৰতলা কাঞ্চনজংঘা এক্সপ্ৰেছ আদি ট্ৰেইন দুখনো বাতিল কৰা হৈছে।

উল্লেখ্য যে,উত্তৰ – পূৰ্বাঞ্চলত ধাৰাষাৰ বৰষুণৰ বাবে সৃষ্টি হোৱা ভূমিস্খলনৰ ফলত ইতিমধ্যে বাতিল কৰা হৈছে কে’বাখনো ট্ৰেইন।

আনহাতে,প্ৰৱল বৃষ্টিপাতৰ ফলস্বৰূপে হঠাতে ট্ৰেইনৰ চলাচল বন্ধ হৈ পৰাত লামডিং ষ্টেচনত শিলচৰ অভিমুখী বহু কেইখন ৰে’লৰ যাত্ৰী আবদ্ধ হৈ পৰে ৷ বৰ্তমান বাহৰ পাতি আছে যাত্ৰীসকল ৷ পৰিস্থিতি স্বাভাৱিক হ’লেও পুনৰ ৰে’লৰ চলাচলৰ আশাত বন্দী যাত্ৰীসকল ৷

Exit mobile version