Trump Received $53 Million in Donations:আদালতত দোষী সাব্যস্ত হোৱাৰ পাছতো ট্রাম্পে লাভ কৰিলে ৫.৩০ কোটি ডলাৰৰ অনুদান

donald trump

Trump Received $53 Million in Donations:

আমেৰিকাৰ প্রাক্তন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্প এক গোচৰত নিউৰ্য়কৰ এখন আদালতৰ ৰায়ত দোষী সাব্যস্ত হোৱাৰ পাছতো তেওঁৰ নির্বাচনী প্রচাৰ পুঁজিও জমা হ’ল পাঁচ কোটি ৩০ লাখ ডলাৰৰ অনুদান

ট্রাম্পব নির্বাচন প্রচাৰ বিভাগে এই কথা সদৰী কৰি জনোৱা অনুসৰি আদালতৰ ৰায়ৰ পাছত প্রাক্তন ৰাষ্ট্রপতিজনৰ প্রতি মার্কিন নাগৰিকৰ সমর্থন বৃদ্ধি পাইছে। ঘণ্টাত ট্রাম্পে ২০ লাখ ডলাৰৰ অধিক অনুদান লাভ কৰিলে আৰু এয়া এক অভিলেখ।

উল্লেখ্য যে দুদিন পূর্বে ট্রাম্পক পৰ্ণ তাৰকা ষ্ট’মি ডেনিয়েলছক উৎকোচ প্রদানৰ গোচৰত নিউয়র্কৰ এখন আদালতে দোষী সাব্যস্ত কৰিছিল। আদালতে ট্রাম্পৰ বিৰুদ্ধে উত্থাপিত ৩৪ টা অভিযোগত প্রক্তন ৰাষ্ট্রপতিজনক দোষী ঘোষণা কৰিছিল।

Exit mobile version