Horoscope:ৰাশিফল

horoscope new 13

Horoscope:ৰাশিফল

মেষ: দিনটোত বিশেষ সাৱধানেৰে চলা ভাল। বিদ্যার্থীসকলে অধ্যয়নৰ ক্ষেত্রত চেষ্ট অব্যাহত ৰাখক। ঘৰুৱা দিশত আপোনাৰ কৰণীয় দায়িত্ব পালিত হ’ব। শুভ ৰং ৰঙা, শুভ সংখ্যা -৯।

বৃষ: বন্ধু-ব্যক্তিৰ পৰা আশানুরূপ ফল দেখি কৃতজ্ঞ হ’ব। বাহ্যিক কর্মত মন দিব লগা হোৱাত মূল কর্মত কিছু অৱহেলিত হ’ব পাৰে। দাম্পত্যত মত বিৰোধ। শুভ ৰং সেউজীয়া, শুভ সংখ্যা -৫।

মিথুন: ৰাতিপুৱা ১০ বজাৰ পৰা কিছুমান নভবা ব্যস্ততাই আপোনাক জড়িত কৰি তুলিব। বিদ্যাত মধ্যম। মাতা-পিতাৰ কাৰণে দিনটো শুভ। শুভ ৰং বগা, শুভ সংখ্যা-৬।

কর্কট: পৰাপক্ষত স্পৰ্শকাতৰ কথা এৰাই চলক। আর্থিক দিশত আয়ৰ মাত্রা বৃদ্ধি পাব। প্রেমত বাধা। বিয়া-বাৰুৰ যোগাযোগত শুভ। শুভ বং মেৰুণ, শুভ সংখ্যা ২।

সিংহ: ঘৰুৱাত কিছু ভালেই দেখা যায়। দুই এটা উপৰুৱা বিষয়ত অশান্তি আহিব পাৰে। কর্মক্ষেত্ৰত মানসিক অশান্তিৰ কাৰকতা। প্ৰেমত আনন্দ। শুভ ৰং ৰঙা, শুভ সংখ্যা-১।

কন্যা: কর্মক্ষেত্রত জটিলতা কিছু হ্রাস পাব। হাতলৈ অহা ধনৰ সদব্যৱহাৰ কৰো বুলিও অলপ বাধাগ্রস্ত হ’ব। দাম্পত্যত মধ্যম। ৰাজনীতিবিদসকলে বিশেষ সতর্ক হওক। শুভ ৰং সেউজীয়া, শুভ সংখ্যা-৫।

তুলা: প্ৰায়বোৰ কথাতে মন নিদিয়াই ভাল। মূল কথাৰ প্ৰতি সজাগ থকা ভাল। দিনৰ শেষ ভাগত কোনোরে নতুন আশা দেখি উৎসাহিত হ’ব। শুভ ৰং বগা, শুভ সংখ্যা-৬।

বৃশ্চিক: কর্মক্ষম সকলে অসুবিধাৰ মাজেৰে অগ্রগতি লভিব। মানসিক অৱস্থা মধ্যম। আশা কৰা কোনো যোগাযোগত উপকৃত হ’ব পাৰে। শুভ ৰং ৰঙা, শুভ সংখ্যা-৯।

ধনুঃ খৰচ-পাতি ৰোধ কৰাৰ যত্ন কৰক। প্ৰাপ্য ধন আদায়ৰ সুযোগ পাব। বিদ্যাত বেয়া নহ’ব। প্রেমত বাধা। ব্যক্তিত্ব আৰু ধৈৰ্য ৰক্ষা কৰি চলক। শুভ ৰং হালধীয়া, শুভ সংখ্যা-৩।

মকৰঃ ক্রমে দিনটো উন্নত অনুভৱ কৰিব। কর্মব্যস্ত ব্যক্তিৰ আয়ৰ মাত্ৰা বৃদ্ধি পাব। বিদ্যার্থীৰ বাবে দিনটো শুভ। চুটি ভ্রমণ হ’ব পাৰে। প্রেম- প্রণয়ত উৎসাহ। শুভ ৰং নীলা, শুভ সংখ্যা-৮।

কুম্ভ: পুৱা ভাগতকৈ আবেলি উন্নত ফল লাভ কৰিব। কর্মস্থানত ভালেই দেখা যায়। বিদ্যাত কিছু আশাপদ। শৰীৰ মধ্যম। ভ্ৰমণ কৰিব পাৰে। শুভ ৰং ক’লা। শুভ সংখ্যা-৭।

মীন: কর্মস্থানত নতুন আনন্দ লাভৰ আশা দেখিব। বেংক কর্মীসকলে নিজৰ দক্ষতা দেখুৱাব পাৰিব। হাতলৈ ধন অহাৰ যোগ আছে। প্রেম- প্রণয়ত সাময়িক বাধা। শুভ ৰং হালধীয়া, শুভ সংখ্যা-৩।

Exit mobile version